নিউজ ডেস্ক : সমগ্ৰ বিশ্বৰ লগতে দেশত মাৰাত্মক ক’ভিডৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে কেৰেলাত আগমন ঘটিছে জীকা ভাইৰাছৰ। কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে বৃহস্পতিবাৰে ৰাজ্যখনত জীকা ভাইৰাছত এগৰাকী মহিলা আক্রান্ত বুলি জানিবলৈ দিয়ে। ২৪ বছৰীয়া এগৰাকী গৰ্ভৱতী মহিলা জীকা ভাইৰাছত আক্রান্ত হৈছে।

কেৰেলাৰ তিৰোৱানথপুৰাম জিলাৰ মহিলা গৰাকীয়ে যোৱা ৭ জুলাইত এটি শিশু জন্ম দিছিল। তীব্ৰ জ্বৰত আক্রান্ত হোৱাত যোৱা ২৮ জুনত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত পৰীক্ষাৰ অন্তত মহিলা গৰাকী জীকা ভাইৰাছত আক্রান্ত বুলি ধৰা পৰে।

লগতে পঢ়ক : মিজোৰামত নতুন প্ৰজাতিৰ সাপ আৱিষ্কাৰ, নাম Stoliczkia Vanhnuailianai

অৱশ্যে কেৰেলাৰ স্বাস্থ্য বিভাগৰ অনুসৰি জীকাত আক্রান্ত মহিলা গৰাকীৰ স্থিতি বৰ্তমান সুস্থিৰ হৈ আছে। উল্লেখ্য যে ৰাজ্যখনত আৰু ১৩ গৰাকী লোক জীকাত আক্রান্ত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই ১৩ গৰাকী লোকৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply