নিউজ ডেস্কঃ পুনৰ ইতিহাস ৰছিলে কেপ্তেইন জয়া আগৰৱালাই। বয়িং-৭৭৭ এয়াৰ ইণ্ডিয়াৰ এছ এফ এভিয়েছন মিউজিয়ামত স্থান লাভ কৰে। জয়া হৈছে উত্তৰ মেৰুৰ ওপৰৰে ১৬,০০০কি.মি. দূৰত্ব অতিক্ৰম কৰি অভিলেখ ভংগ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। ২০২১ চনত প্ৰথমবাৰৰ বাবে জয়া আগৰৱালাৰ নেতৃত্বত এয়াৰ ইণ্ডিয়াৰ এটা মহিলা পাইলটৰ দলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্ক’ৰ পৰা ভাৰতৰ বেংগালুৰ চহৰলৈ উত্তৰ মেৰু আৱৰি থকা বিশ্বৰ আটাইতকৈ দীঘল বিমান পথটো অতিক্ৰম কৰিছিল।

কেপ্টেইন জয়াই সংবাদ মাধ্যমক কৈছিল, “মই দেখি আচৰিত হৈছিলো যে মই তাত থকা একমাত্ৰ জীৱিত ব্যক্তি, মই অতি কৃতজ্ঞ। মই বিশ্বাস কৰিব পৰা নাই যে মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সন্মানীয় বিমান সংগ্ৰহালয়ৰ এটা অংশ। শেহতীয়াকৈ, এছ এফ এভিয়েছন সংগ্ৰহালয়ে ভাৰতীয় পাইলট জয়া আগৰৱালাক তেওঁৰ অসাধাৰণ কেৰিয়াৰ আৰু বিশ্বজুৰি মহিলা সৱলীকৰণৰ প্ৰচাৰৰ বাবে কৰা কামৰ বাবে এনে সন্মান প্ৰদান কৰিছে। জয়াই লাখ লাখ ছোৱালী আৰু যুৱ সমাজক তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।
ছান ফ্ৰাঞ্চিস্কো এভিয়েচন মিউজিয়ামৰ এগৰাকী বিষয়াই সংবাদমাধ্যমক কয়, “জয়া হৈছে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰথম গৰাকী মহিলা ভাৰতীয় পাইলট।”

এয়াৰ ইণ্ডিয়াৰ সৈতে তেওঁৰ উল্লেখযোগ্য কেৰিয়াৰৰ উপৰিও, ২০২১ চনত ছান ফ্ৰান্সিস্ক’ৰ পৰা বেংগালুৰুলৈ সম্পূৰ্ণ মহিলা কৰ্মচাৰীৰ সৈতে দীৰ্ঘ আকাশী পথ অতিক্ৰম কৰি অভিলেখ ভংগ কৰা এই সাফল্যই বিশ্বৰ অনেক নাৰীৰ বাবে অত্যন্ত অনুপ্ৰেৰণাদায়ক।
কেপ্টেইন জয়া আগৰৱালে এই সন্মান লাভ কৰাৰ পিছত কয়, “মই বিশ্বাস কৰিব পৰা নাই যে মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংগ্ৰহালয়ত স্থান পোৱা প্ৰথম ভাৰতীয় মহিলা, যদি আপুনি এগৰাকী আঠ বছৰীয়া ছোৱালীক সোধে যি চোতালত বহি আকাশৰ তৰাবোৰ চাই চাই পাইলট হোৱাৰ সপোন দেখিছিল। এইটো এটা সন্মানযে আমেৰিকাই এগৰাকী ভাৰতীয় মহিলাক তেওঁলোকৰ সংগ্ৰহালয়ত স্থান দিছে। এইয়া মোৰ আৰু মোৰ দেশৰ বাবে এক মহান ক্ষণ।”