নিউজ ডেস্কঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগত শুক্ৰবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় জন সংযোগ দিৱস (National Public Relations Day) । দিনজোৰা বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা দিৱসটি ”PRabha” নামেৰে উদযাপন কৰা হয় । ভাৰতীয় জন সংযোগ ছ’চাইটীৰ (PRSI) ৰ আধাৰত জি 20 আৰু ভাৰতীয় মূল্যবোধ : জনসংযোগৰ দৃষ্টিভংগীক এই অনুষ্ঠানৰ মূল বিষ়বস্তু হিচাপে বাছি লয়।

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা PRabhar প্ৰথম কাৰ্য্যসূচী হিচাপে উন্মোচন কৰা হয় এখন প্ৰাচীৰ পত্ৰিকা। তাৰ লগে লগেই গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অভিজিত বৰাই অনুষ্ঠানটোত উপস্থিত থকা আমন্ত্ৰিত অতিথি সকলক আদৰণি জনায়।

“এয়া বিষয়াসকলৰ আপোন ঘৰলৈ ঘূৰি অহাৰ এক উৎযাপন”- ডাঃ অভিজিৎ বৰা।

আদৰণী ভাষণৰ পাছতেই তেজপুৰ বিশ্ববিদ্যালয়ৰ মানৱ আৰু সমাজ বিজ্ঞান শাখাৰ মূৰব্বী ডাঃ ফাৰহানা দান্তাক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ পাছতেই জনসম্পৰ্ক বা জন সংযোগৰ ওপৰত তেখেতে বক্তব্য ৰাখে তেখেতে কয় যে জনসংযোগৰ তথ্য ভাগ-বতৰা কৰাৰ আৱেগিক বন্ধন।

ডাঃ দান্তাৰ ভাষনৰ পাছতেই বিশিষ্ট অতিথি সকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ শ্ৰীমতী ইলোৰা বৰুৱা, অসম চৰকাৰৰ অধীনৰ জনসংযোগ বিষয়া শ্ৰীযুত স্বাক্ষৰ ডেকা আৰু দিব্যজ্যোতি শৰ্মা, শোনিতপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীমতি নীনা বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু তথ্য বিষয়া শ্ৰী সমৰেশ বৰ্মন,ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ জেষ্ঠ পৰিচালিকা তথা জনসংযোগ বিষয়া শ্ৰীমতী জয়ীতা দাস আৰু গ্ৰীড ইণ্ডিয়াৰ তৰফৰ পৰা শ্ৰীমতি কুৱলী হাজৰিকা।

বিভাগীয় অধ্যাপক অধ্যাপিকা সকলক অতি আগ্ৰহেৰে সম্বৰ্ধনা জনাই।
“জনসংযোগৰ মুখ্য দ্বায়িত্ব সততা ৰক্ষা কৰা”- স্বাক্ষৰ ডেকা

“বৰ্তমান ডিজিটেল সংবাদ মাধ্যমৰ প্ৰসাৰৰ লগে লগে জনসংযোগ প্ৰত্যাহ্বান সমূহ বাঢ়ি আহিছে।”- দিব্যজ্যোতি শৰ্মা।

চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী স্মিতা পাটেলে আঁত ধৰা প্ৰথম বিষয়গত আলোচনাৰ (Thematic session)”Decoding PR umbrella’ বিষয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ইলোৰা বৰা (আই. অ. চি.এল) , স্বাক্ষৰ ডেকা (অসম চৰকাৰ) , নীনা বৰুৱা (অসম চৰকাৰ), সম্ৰেশ বৰ্মন (তেজপুৰ বিশ্ববিদ্যালয়) উপৰোক্ত বিষয়ে বিতংকৈ বিশ্লেষণ কৰে।
“জনসংযোগ এটি প্ৰতিষ্ঠানৰ প্ৰতিনিধি স্বৰূপ”- সমৰেশ বৰ্মন ।

“সংবাদকৰ্মীৰ সৈতে সুসম্পৰ্ক স্থাপন অতি গুৰুত্বপূৰ্ণ কাৰন তেখেত সকলৰ মাধ্যমেৰে জনসংযোগ স্থাপন সম্ভৱ”- নীনা বৰুৱা।

সঠিক সময়ত , সঠিক সিদ্ধান্ত গ্ৰহন তথা সুসম্পৰ্ক স্থাপন ইত্যাদি কৰ্মৰ মাজেৰে শিকাটো সম্ভৱ, তদুপৰি জনসংযোগ নিত্যান্তয়ে এটি আশংকাৰ পেছা- স্বাক্ষৰ ডেকা।

শ্ৰীমতি ইলোৰা বৰুৱাই ইণ্ডিয়ান অইলৰ ‘পৰিবৰ্তন’ আৰু ‘বিদুশী’ এই দুটি পদক্ষেপৰ ওপৰত আলোকপাত কৰে।লগতে প্ৰতি গৰাকীয়ে জন সংযোগ ক্ষেত্ৰ খনত থকা প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ বিষয়ে অৱগত কৰে । প্ৰতিগৰাকী বক্তাৰ আলোচনাই অনুজ সকলৰ প্ৰতি অগ্ৰজ সকলৰ এক দ্বায়িত্ব পূৰ্ণ পৰামৰ্শৰ দৰে আছিল।
আলোচনা চক্ৰৰ পিছত ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ পৰ্ব ৰখা হয়।

গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ গৱেষক ছাত্ৰ অভিশেষ কাব্ৰাই আঁত ধৰা “PRabha”ৰ দ্বিতীয় বিষয়গত আলোচনাত ভাগ লয় নিৰ্দিষ্ট বক্তা হিচাপে,জয়ীতা দাস (BCPL), দিব্যজ্যোতি শৰ্মা (GoA) , কুঁৱলী হাজৰিকা (Gird India)।

শ্ৰীমতি জয়ীতা দাসে যিকোনো এটি সম্পৰ্কৰ আদৰ্শ সমূহৰ বিষয়ে আলোচনা কৰে আৰু তেওঁ কয় যে- সততা, বিশ্বাসযোগ্যতা, যোগাযোগ , গবেষণা ইত্যাদি জনসংযোগৰ আদৰ্শ।

“জনসংযোগ হৈছে জীৱন-ধাৰণৰ পদ্ধতি, এটি প্ৰতিষ্ঠানৰ প্ৰতিগৰাকী বিষয়াই একো একোজন জনসংযোগ ৰক্ষক”—কুৱলী হাজৰিকা

দিব্যজ্যোতি শৰ্মাই কভিড-১৯ ৰ সময়ছোৱাত সঠিক তথ্য সমূহ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ জনসংযোগ বিষয়া সকলে পালন কৰা ভূমিকা সম্পৰ্কে আলোচনা কৰাৰ লগতে সেই তথ্য সমূহে কিদৰে ভূৱা খবৰ সম্প্ৰসাৰণ ৰোধ কৰা ক্ষেত্ৰত ভূমিকা পালন কৰে সেই বিষয়ত আলোকপাত কৰে।
প্ৰথম আলোচনাৰ দৰে এই আলোচনাটিও প্ৰশ্নোত্তৰ পৰ্বৰ মাজেৰে অন্ত পৰে।

প্ৰভা বা “PRabha” অনুষ্ঠানৰ শেষৰফালে গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীয়ে এটা “PR campaign” উদ্বোধন কৰে। এক সাংস্কৃতিক অনুষ্ঠানেৰে “PR abha” দিনজোৰা কাৰ্য্যসূচীৰ অন্ত পৰে য’ত বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা গীত, নৃত্য আৰু কবিতা পৰিৱেশন কৰা হয়।

লগতে পঢ়ক – প্ৰতিদনে বৃদ্ধি পাবলৈ ধৰিছে ভাৰতত কোভিড ৰোগীৰ সংখ্যা, যোৱা ২৪ ঘণ্টাত ১২,১৯৩ জন লোকক কোভিড আক্ৰান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply