নিউজ ডেস্ক- ডিব্ৰুগড়ত উপস্থিত ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ উপদেষ্টা দল। কালি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিং সহ ১০ গৰাকী খালিস্তানী নেতাক জেৰা চলাব এন এছ এ উপদেষ্টাৰ তিনিজনীয়া দলটোৱে।
উল্লেখ্য যে, বহুদিন ধৰি আত্মগোপন কৰি থকা অমৃতপাল সিঙে বিগত ২৩ এপ্রিল তাৰিখে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু তাৰ পাচতেই গ্ৰেপ্তাৰ কৰি তেওঁক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ১০গৰাকী খালিস্তানী নেতাক।
তথ্য অনুসৰি, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্বাবিহুল হাস্নেইনৰ অধ্যক্ষতাত গঠিত হোৱা এই এন এছ এৰ উপদেষ্টা সমিতিৰ দলটোত আছে সদস্য সুভীৰ চেওখান্দ, ডিভানশু জৈন।