নিউজ ডেস্ক: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুক্ৰবাৰে অসমৰ চৰকাৰ কৃষি বিভাগৰ উদ্যোগৰ দ্বাৰা আয়োজিত হয় “প্ৰাকৃতিক কৃষি সন্মিলন-২০২৩”। এই সন্মিলনত মুখ্য অতিথিৰূপে গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, দৰ্শনা দেৱীৰ লগতে অসমৰ মাননীয় কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰাকে ধৰি অন্যান্য বিভাগৰ ৰাজ্য়িক মন্ত্ৰী, বিষয়ববীয়া উপস্থিত থাকে। উক্ত অনুষ্ঠানটোত প্ৰাকৃতিক খেতিৰ উপকাৰিতা আৰু এই উপকাৰিতাক দেশৰ সকলো কৃষকৰ ওচৰলৈ কেনেদৰে লৈ যাব পাৰি তাৰ ওৰপত চৰ্চা হয়।

অনুষ্ঠানটোত উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফচল বীমা যোজনাৰ অধীনস্থ হিতাধিকাৰী কৃষকবন্ধুসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। চেক বিতৰণ কৰি তেওঁ কয় যে, ৰাজ্যৰ কৃষকসকলক প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সকাহ প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে সকাহ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বিগত সময়ছোৱাত এই যোজনাৰ অধীনত ৰাজ্যৰ ৩.২৪ লাখ কৃষকলৈ প্ৰায় ২৩৬.৬ কোটি টকা আৰ্থিক সকাহ হিচাপে প্ৰদান কৰা হৈছে।

লগতে মুখ্যমন্ত্ৰী কয়, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত প্ৰাকৃতিক কৃষি খণ্ডক উদগনি আৰু কৃষকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিল। অসমৰ উৰ্বৰ কৃষিভূমিত প্ৰাকৃতিক কৃষি কৰ্মৰ বাবে প্ৰচুৰ সম্ভাৱনীয়তা আছে। প্ৰাকৃতিক কৃষি পদ্ধতিৰে উৎপাদিত কৃষিজাত সামগ্ৰীয়ে মানৱ দেহত সুস্থতা বৰ্তাই ৰখাৰ লগতে কৃষি উৎপাদন বৃদ্ধিত অৰিহণা যোগায়।

ইফালে অনুষ্ঠানটোত উপস্থিত থকা অসম চৰকাৰ কৃষি মন্ত্ৰী অতুল বৰাই কয়, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে প্ৰাকৃতিক আৰু পৰম্পৰাগত কৃষি পদ্ধতিৰ সদ্ব্যৱহাৰৰ জৰিয়তে স্বাস্থ্যসন্মত আৰু পৰিৱেশ অনুকূল কৃষি বিপ্লৱ সূচনা কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

লগতে কয়, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বাংগীণ বিকাশৰ বাবে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰি আহিছে। অসমৰ দ্ৰুত আৰু সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাত নতুন দিগন্তৰ সূচনা কৰাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।

উক্ত অনুষ্ঠানত গুজৰাটৰ ফাৰ্ষ্ট লেডী দৰ্শনা দেৱী, সতীৰ্থ মন্ত্ৰীদ্বয় যোগেন মহন আৰু নন্দিতা গাৰ্লোছা, উত্তৰাখণ্ড চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী গণেশ যোশী, অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, আৰিয়াছ ছ’চাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশ দীপৰ লগতে কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগুও উপস্থিত থাকে।

লগতে, এই কাৰ্যসূচীত কেইবাখনো জিলাৰ উপায়ুক্তসকল, বিষয়াসকল, কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ বিজ্ঞানীসকলৰ লগতে কৃষকসকলেও ভিডিঅ’ কনফাৰেঞ্চযোগে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক – ₹২০০০ মূল্যৰ বেংক নোটঃ প্ৰচলনৰ পৰা প্ৰত্যাহাৰলৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply