নিউজ ডেস্ক: নৰ্থইষ্ট গেছ গ্ৰিডে ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে এইচডিডি পদ্ধতিৰে ২৪ ইঞ্চি ব্যাসাৰ্ধৰ প্ৰাকৃতিক গেছ পাইপলাইন নিৰ্মাণ কৰি বৃহৎ মাইলৰ খুঁটি স্থাপন কৰিছে।
উল্লেখ্য যে, নদী অতিক্ৰমি এছিয়াৰ দীৰ্ঘতম আৰু বিশ্বৰ দ্বিতীয় দীৰ্ঘতম হাইড্ৰকাৰ্বন কাৰ্বন পাইপলাইনেৰে এইয়া অভিলেখ এক অভিলেভ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৃহৎ সফলতাৰ বাবে প্ৰংশসা কৰি টুইট কৰাও দেখা গৈছে।
এই বৃহৎ হাইড্ৰকাৰ্বন কাৰ্বন পাইপলাইনেৰে অভিলেখ ৰচনা কৰা বুলি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক টুইট কৰিছে। উক্ত টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়; “আদৰ্শ!”
লগতে পঢ়ক – শ্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসানত প্ৰধানন্ত্ৰীৰ শোক প্ৰকাশ