নিউজ ডেস্ক: নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰক দিয়া হৈছে হত্যাৰ ভাবুকি। এটা ব্যক্তিগত হোৱাটছএপ নম্বৰৰ পৰা কোনো অচিনাকী দুর্বৃত্তই নেতা গৰাকীক প্ৰেৰণ কৰিছে ভাবুকিপূর্ণ বাৰ্তা। শুকুৰবাৰে এই কথা স্পষ্ট কৰিছে শৰদ পাৱাৰৰ কন্যা তথা এনচিপিৰ সাংসদ সুপ্রিয়া চুলেই।
সুপ্রিয়াই প্ৰকাশ কৰিছে যে নেতাৰগৰাকীয়ে তেওঁৰ ব্যক্তিগত হোৱাটছএপত এটা ভাবুকিপূর্ণ বাৰ্তা লাভ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত শৰদ পাৱাৰৰ কন্যা সুপ্রিয়া চুলেই মুম্বাইৰ আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰক সাক্ষাৎ কৰে। লগতে তেওঁ এই সন্দৰ্ভত ন্যায় বিচাৰিছে ।
তেওঁ লগতে গৃহ বিভাগৰ দায়িত্বত থকা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো বিষয়টো লক্ষ্য কৰিবলৈ আহ্বান জনায়।
ইতিমধ্যে চুলেই আৰক্ষীৰ ওচৰত হত্যাৰ ভাবুকিৰ স্ক্ৰীণশ্বটৰ প্ৰিণ্টআউট প্ৰতিলিপি দাখিল কৰিছে । ইফালে, মুম্বাই আৰক্ষীৰ বিষয়াসকলে কয় যে চহৰখনৰ দক্ষিণ চাইবাৰ আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইতিমধ্যে এই বিষয়ক লৈ তেওঁৰ সমৰ্থকসকলৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে।
অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পাছত হে পোহৰলৈ আহিব শ্ৰেষ্ঠ নেতাগৰাকীক কোনে হত্যাৰ ভাবুকী দিছে।