নিউজ ডেস্ক: ভাৰতীয় কৃষি গৱেষণা পৰিষদে অনুকূল উৎপাদন আৰু আয়ৰ বাবে বিভিন্ন শস্যৰ বৈজ্ঞানিক খেতিৰ ক্ষেত্ৰত কৃষকসকলক পথ প্ৰদৰ্শনৰ আৰু সহযোগিতা সৃষ্টিৰ বাবে আমাজন কিছানৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। আমাজনৰ নেটৱৰ্কৰ জৰিয়তে কৃষকসকলক প্ৰযুক্তিগত বেকষ্টপিং প্ৰদান কৰিব আইচিআৰে। ইয়াৰ জৰিয়তে কৃষকৰ জীৱিকা উন্নত হোৱাৰ লগতে শস্যৰ উৎপাদন বৃদ্ধি পাব। 

আইচিআৰৰ সঞ্চালক প্ৰধান ড০ হিমাংশু পাঠকে কৃষকসকলৰ উন্নত পাৰিশ্ৰমিকৰ বাবে মাধ্যমিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কৃষি আৰু ঋতুভিত্তিক শস্য পৰিকল্পনাত জটিল ইনপুটৰ গুৰুত্ব আৰু ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে আইচিআৰে আমাজনৰ সৈতে প্ৰযুক্তি, সামৰ্থ্য বিকাশ আৰু নতুন জ্ঞানৰ হস্তান্তৰৰ বাবে সহযোগিতা কৰিব।

আইচিএআৰৰ হৈ উপ-সঞ্চালক প্ৰধান(কৃষি সম্প্ৰসাৰণ) ড০ ইউএছ গৌতম আৰু এমাজন ফ্ৰেছ চাপ্লাই চেইন এণ্ড কিছানৰ জ্যেষ্ঠ প্ৰডাক্ট লিডাৰ সিধৰ্থ টাটায়ে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply