স্প’ৰ্টছ ডেস্ক – আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত পুনৰ জিলিকিল অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰা। ঐতিহাসিক ডাইমণ্ড লীগ ট্ৰফী দখল কৰি নতুন অভিলেখ গঢ়িলে নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাই বৃহস্পতিবাৰে জুৰিখত অনুষ্ঠিত ঐতিহাসিক ডাইমণ্ড লীগ ট্ৰফী দখল কৰি প্ৰথমজন ডাইমণ্ড লীগ ট্ৰফী বিজয়ী ভাৰতীয় হিচাপে পৰিগণিত হয়। তাৰকা জেভলিন থ্ৰ’ৱাৰজনে ফাউল থ্ৰ’ৰে খেলৰ আৰম্ভণি কৰে যদিও দ্বিতীয় প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰিবলৈ সক্ষম হয় আৰু ইয়েই নীৰজৰ বিজয় নিশ্চিত কৰি তোলে।
টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকীয়ে তৃতীয়বাৰৰ প্ৰচেষ্টাত ৮৮ মিটাৰ আৰু চতুৰ্থ প্ৰচেষ্টাত ৮৬.১১ মিটাৰ পৰ্যন্তলৈকে জেভলিন থ্ৰ’ কৰে। তেওঁৰ পঞ্চম লেগত ৮৭ মিটাৰৰ হোৱাৰ বিপৰীতে অন্তিমটো লেগত ৮৩.৬ মিটাৰ থ্ৰ’ কৰে। ইফালে অলিম্পিক ৰূপৰ পদক বিজয়ী চেক গণৰাজ্যৰ জাকুব ভাডলেজে ৮৬.৯৪ মিটাৰ বেষ্ট থ্ৰ’ৰে প্ৰতিযোগিতাখনত দ্বিতীয় স্থান দখল কৰে।
আঘাতৰ বাবে লোৱা বিৰতিৰ পিছত অনবদ্য প্ৰত্যাৱৰ্তনেৰে চোপ্ৰাই ডাইমণ্ড লীগ ছিৰিজৰ ল’জান লেগত জয়ী হৈ দুদিনীয়া ফাইনেললৈ যোগ্যতা অৰ্জনেৰে নিজৰ এক দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটায়। জুলাই মাহত আমেৰিকাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী প্ৰদৰ্শনৰ সময়ছোৱাত গ্ৰাইনত হোৱা সামান্য আঘাতৰ বাবে ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হোৱা বাৰ্মিংহাম কমনৱেলথ গেমছত নীৰজে অংশ ল’ব পৰা নাছিল। সুষ্ঠ হোৱাৰ পিছতে খেলুৱৈগৰাকীয়ে ২৬ জুলাইত ল’জানত অনুষ্ঠিত খেলত নিজৰ স্বভাৱসুলভ খেলেৰে ৮৯.০৮ মিটাৰ জেভলিন দলিয়াই জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷