নিউজ ডেস্কঃ জেভলিনৰ বিশ্ব ৰেংৰিঙৰ শীৰ্ষত ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰা। এই কৃতিত্ব অৰ্জন কৰা নীৰজেই হৈছে প্ৰথম আৰু একমাত্ৰ ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ।

নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ জেভলিন দলিয়াই স্বর্ণপদক আৰু জুৰিখৰ ডায়মণ্ড লীগত স্বর্ণপদক লাভ কৰিয়ে নিজৰ শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শন কৰিছে।

শেহতীয়া ভাৱে, ড’হা ডায়মণ্ড লীগত ৮৮.৬৭ মিটাৰ ভেভলিন থ্ৰ’ কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল। এই স্বৰ্ণ জয়ৰ পিছতেই গ্ৰেনাডিয়ান এণ্ডাৰচন পিটাৰ্ছক চেৰ পেলাই বিশ্বৰ ৰেংকিঙৰ শীৰ্ষ স্থানলৈ উন্নীত হয়। উল্লেখ্য যে, ড’হা ডায়মণ্ড লীগত এণ্ডাৰচন পিটাৰ্ছে ৮৫.৮৭ মিটাৰ ভেভলিন থ্ৰ’ কৰি তৃতীয় স্থান দখন কৰিছিল।

লগতে পঢ়ক – ২০২৬ৰ ফিফা বিশ্বকাপৰ ল’গ মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply