নিউজ ডেস্ক: শেহতীয়াকৈ বিশ্ব ৰেংকিঙত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰথম আৰু একমাত্ৰ ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই প্ৰশিক্ষণৰ বাবে ফিনলেণ্ডলৈ যাব। নীৰজ চোপ্ৰাৰ ফিনলেণ্ডত প্ৰশিক্ষণ লোৱাৰ পৰিকল্পনাত অনুমোদন ক্ৰীড়া বিভাগৰ । বৃহস্পতিবাৰে তেওঁৰ ফিনলেণ্ডৰ কুৰটেনত প্ৰশিক্ষণৰ বাবে আগবঢ়োৱা প্ৰস্তাৱত অনুমোদন জনায় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মিছন অলিম্পিক চেলে।
উল্লেখ্য যে আগন্তুক জুন মাহত একাধিক বিশ্ব এথলেটিকছ আৰু আগশাৰীৰ টুর্ণামেণ্টত অংশগ্ৰহণ কৰিবলগীয়া নীৰজ চোপ্ৰাই তাৰ পূৰ্বে ফিনলেণ্ডৰ কুৰটেন অলিম্পিক প্রশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল’ব বিচাৰিছিল । নীৰজে ২০২২ বৰ্ষতো একে ধৰণৰ প্ৰশিক্ষণৰ পৰিকল্পনা কৰিছিল । ইয়াৰ উপৰি মিছন অলিম্পিক চেলে গ্রহণ কৰা অন্যান্য প্ৰস্তাৱসমূহৰ ভিতৰত পেডেলাৰ পায়াছ জৈনৰ টাইৱানত এক আগতীয়া প্ৰশিক্ষণ শিবিৰৰ বাবে যাবলৈ বিচৰা প্ৰস্তাৱটোতো অনুমোদন জনাইছে ৷