নিউজ ডেস্ক: ৰেডিছন ব্লু গুৱাহাটীৰ আগশাৰীৰ এছিয়ান খাদ্যৰ ৰেস্তোৰাঁত নেষ্ট এছিয়াই অহা ১ জুলাইৰ পৰা পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰি অতিশয় আনন্দিত হৈ পৰিছে। উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতা আৰু ডেলিভাৰীৰ প্ৰতি আকৰ্ষণেৰে নেষ্ট এছিয়াই সোৱাদ, শিল্পকলা আৰু পৰিৱেশৰ এক আকৰ্ষণীয় যাত্ৰাত নামিবলৈ সকলোকে আমন্ত্ৰণ জনায়। এক অসাধাৰণ ভোজনৰ অভিজ্ঞতা প্ৰদান কৰাৰ আগ্ৰহেৰে নেষ্ট এছিয়াই উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতাসহকাৰে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক সোৱাদ, শিল্পকলা আৰু চৌপাশৰ এক মনোমোহা পৰিৱেশৰ অংশীদাৰ হ’বলৈ সকলোকে আমন্ত্ৰণ জনাইছে।

নেষ্ট এছিয়াই বিশ্বমানৰ চেফৰ এটা দলৰ সহযোগত উদ্ভাৱন আৰু ৰন্ধন প্ৰণালীৰ অভিনৱত্বৰে যত্নসহকাৰে প্ৰস্তুত কৰিছে বিবিধ খাদ্যসম্ভাৰৰ মেনু। নতুন খাদ্যতালিকাত পৰম্পৰাগত এছিয়ান খাদ্যৰ সোৱাদ যেনে কুং পাও চিকেন, চেচুয়ান চিলি বিন পেষ্টত এগ প্লাণ্ট, লেমন গ্ৰাছ প্ৰন এণ্ড ভেজ, ব্লেক বীন চছত শ্লাইচ চিকেন আৰু সুস্বাদু খাদ্যৰ জুতিৰ সংমিশ্ৰণ পোৱা যায়। এই নতুন ৰেস্তোৰাঁত থাকিব ষ্ট্ৰীট ফুডৰ সুস্বাদু খাদ্যৰ পৰা আৰম্ভ কৰি বিশেষভাৱে প্ৰস্তুত কৰা চিগনেচাৰ ব্যঞ্জনলৈ, গ্ৰাহকক এছিয়ান খাদ্যৰ সুবিশাল খাদ্যসম্ভাৰ প্ৰদান কৰিবলৈ যত্ন কৰা হৈছে।
নেষ্ট এছিয়াই এই গ্ৰেণ্ড ৰিঅ’পেনিং উদযাপনৰ বাবে এছিয়ান খাদ্যৰ অনুৰাগী লোকসকলক সাদৰেৰে আমন্ত্ৰণ জনাইছে। নিজৰ আসন সংৰক্ষণৰ বাবে এতিয়াই যোগাযোগ কৰিব পাৰিব 88110 99397 নম্বৰত।