“এক অনন্য সুন্দৰ জ্যামিতিক গ’ল। মেছিয়ে পাছ সৃষ্টি কৰিবলৈ এনে এক কোন বিচাৰি উলিয়ালে যাৰ অস্তিত্বই নাই”
“এক অনন্য সুন্দৰ জ্যামিতিক গ’ল। মেছিয়ে পাছ সৃষ্টি কৰিবলৈ এনে এক কোন বিচাৰি উলিয়ালে যাৰ অস্তিত্বই নাই”- প্ৰখ্যাত বৃটিছ ফুটবল ধাৰাভাষ্যকাৰ পীটাৰ ড্ৰাৰীৰ ধাৰা বিৱৰণী সদায়েই কাব্যিক । যিসকলে বছৰৰ পাছত বছৰ ধৰি লিঅ’নেল মেছিৰ যাদু টিভিৰ পৰ্দাত চাই আহিছে তেওঁলোকক ড্ৰাৰীৰ কাব্যিক বিৱৰণী আৰু মেছিৰ শিল্পৰ অভিনৱ যুগলবন্দীয়ে ফুটবল উপভোগৰ অনন্য মাত্ৰা দিয়ে । কালি নিশা জানো ইয়াৰ ব্যতিক্ৰম হ’ব? মঞ্চ বিশ্বকাপৰ ৷ তাকো নেদাৰলেণ্ডৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল ৷ তাতেই যদি মেছিৰ কলা আৰু ড্ৰাৰীৰ কাব্যৰ পাগ নুঠে উঠিব ক’ত? তেতিয়া মেচৰ ৩৫ মিনিট ৷ ৰাইটবেক নেহুৱেল ম’লিনাৰ এটা পাছ তেতিয়া মেছিৰ ভৰিত ৷ চৌদিশে চাৰিজন ডাচ্চৰ জ’নেল মাৰ্কিং । এজন সন্মুখত ৷ এজন সোঁফালে, এজন বাওঁফালে আৰু পাছফালে এজন ৷ মেচৰ আন সময়ৰ দৰেই ডাচ্চ বেহুত মহানায়ক ৷ কিন্তু এয়া হেনো বিশ্বকাপত মেছিৰ অন্তিম নৃত্য! তেন্তে অন্তিম নৃত্যৰ সবাতোকৈ সুন্দৰ মুদ্ৰা এই শিল্পীয়ে নেদেখুৱাবনে? দেখাত এই ডাচ্চ বেহু আছিল অভেদ্য ৷ কিন্তু মেছিৰ মহানতা হৈছে, য’ত আনৰ মস্তিষ্কৰ কাম বন্ধ হয় তাত তেওঁৰ আৰম্ভ হয়। বয়সৰ লগে লগে মেছিয়ে অনুভৱ কৰিছে যে তেওঁৰ বুদ্ধিদীপ্ত ফুটবল মস্তিষ্কৰ লগত ভৰি দুখনে এতিয়া তাল মিলাব নোৱাৰে ৷ সেয়ে তেওঁ গতিৰ সলনি স্কিলেৰে বিপক্ষৰ খেলুৱৈৰ পৰা আঁতৰি আহি সতীৰ্থৰ বাবে স্পেচ তৈয়াৰ কৰে ৷ তেওঁ জানে যে কেইবছৰমান আগৰ দৰে এতিয়া আৰু তেওঁ বক্সৰ ভিতৰত প্ৰতিগৰাকী ডিফেণ্ডাৰক পৰাভূত কৰিব নোৱাৰিব । সেয়ে তেওঁ নিজৰ খেল সলনি কৰিছে আৰু সেই ব্যক্তিগত ৰণনীতিৰেই তেওঁ প্ৰথমে ডাচ্চ বক্সৰ বাহিৰেৰে ফ্ৰেংকি ডি য়ঙক পৰাভূত কৰি এক বিপজ্জনক দৌৰ মাৰে আৰু প্ৰত্যক্ষ কৰে বক্সত সোমাই পৰা ম’লিনাক । লগে লগে এক অসম্ভৱ কোন বিচাৰি তেওঁ নান্দনিকতাৰ সকলো উপাদানত তৈয়াৰ কৰা এটা ৰিভাৰ্ছ পাছ ভেন ডাইক আৰু ডেলী ব্লিণ্ডৰ দৰে দুৰ্ধৰ্ষ ডিফেণ্ডাৰৰ মাজেৰে এৰি দিয়ে বক্সৰ ভিতৰলৈ ৷ ম’লিনাই সুন্দৰ ফিনিশ্বিঙেৰে সেই পাছক যথোচিত সন্মান দি ইয়াক পৰিণত কৰে বিশ্বকাপৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ পাছ হিচাপে ৷ সেই ফুটবল কলাৰ বন্দনাত পীটাৰ ড্ৰাৰীৰ কাব্যও হৈ পৰিছিল ধ্ৰুপদ ৷ আৰু খেলখন? ৪৮টা ফাউল ৷ মুঠ ১৪খন হালধীয়া কাৰ্ড ৷ দেখাত এখন শৰীৰী শক্তি প্ৰদৰ্শনৰ মেচ য’ত কলা শ্বাসৰুদ্ধ হয় । কিন্তু য’ত ডাচ্চ প্ৰশিক্ষক লুই ভেন গালে মেচৰ পূৰ্বে বিভিন্ন প্ৰৰোচনামূলক মন্তব্যৰে এক উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিছিল তাত হালধীয়া কাৰ্ড যেন এক নিমিত্তমাত্ৰ ৷ মেচৰ প্ৰতি মুহূৰ্তত দুয়ো দলৰ দেহৰ ভাষাত যিকোনো মূল্যৰ বিনিময়ত জয়ী হোৱাৰ মনস্তত্ত্ব বিদ্যমান আছিল ৷ সাধাৰণতে ৪-৩-৩ ফৰ্মেচনত খেলা আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কাল’নিয়ে ৩-৫-২ ফৰ্মেচন লৈ ডাচ্চ ৩-৪-১-২ ফৰ্মেচন ৰোধৰ দিহা কৰিছিল ৷ উদ্দেশ্য আছিল মিডফিল্ড ডাচ্চসকলক দখল কৰিব নিদিয়া আৰু মেছিয়ে যাতে ভিতৰলৈ আহি বল কালেক্ট কৰিব নালাগে সেয়া নিশ্চিত কৰা । মেক এলিষ্টাৰ আৰু ৰড্ৰিগ’ ডি পলৰ দায়িত্ব আছিল ডি য়ং আৰু ব্লিণ্ডক ৰুদ্ধ কৰা ৷ আকুন্যা আৰু ম’লিনাৰ দায়িত্ব আছিল ডামফ্ৰীজ আৰু ব্লিণ্ডৰ অগ্ৰগামী দৌৰ ৰোধ কৰা ৷ ডাচ্চ মিডফিল্ডক শ্বাসৰুদ্ধ কৰি উইঙত ৱান অন ৱান যুঁজ সৃষ্টি কৰা যাতে কুশলী উইংগাৰে স্পেচ উলিয়াব পাৰে ৷ এই ৰণনীতিৰ সফল ৰূপায়ন হৈছিল ৷ আৰ্জেণ্টিনাই অধিক বল দখলত ৰাখিছিল ৷ মেছিয়ে বিপজ্জনক মুভ তৈয়াৰ কৰিছিল ৷ আকুন্যা আৰু ম’লিনাই ফৰৱাৰ্ড ৰানেৰে অনবৰত ডাচ্চ বক্স কঁপাই ৰাখিছিল ৷ মিডফিল্ডত এলিষ্টাৰ আৰু ডি পলে দমন কৰি ৰাখিছিল ডি য়ঙৰ সৃষ্টিশীল মুভ ৷ ফলত ডাচ্চসকল ব্যস্ত আছিল ৰক্ষণত ৷ দুগ’লত অগ্ৰগতি সেয়ে অস্বাভাৱিক নাছিল । কিন্তু দ্বিতীয়াৰ্ধত স্কাল’নিৰ অবিবেচক ছাবষ্টিটিউচন আৰু নেদাৰলেণ্ডৰ হৈ ৭৮ মিনিটত ছয় ফুট ছয় ইঞ্চি উচ্চতাৰ ষ্ট্ৰাইকাৰ ভাউট ডেঘষ্ট আৰু লুক ডি য়ঙৰ আগমনে মেচখন সলনি কৰি দিয়ে ৷ ৰক্ষণ চম্ভালিবলৈ নতুনকৈ অহা টাগলিয়াফাকো, মনচিয়েল আৰু পাজেল্লাই ডেঘষ্টৰ শক্তিশালী শৰীৰী উপস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল ৷ তাৰ বাবেই তেওঁ দুগ’ল দি মেচখন অতিৰিক্ত সময়লৈ লৈ যায় ৷ বিশেষকৈ ইনজুৰী টাইমৰ শেষত অদৰকাৰী ফাউলেৰে আৰ্জেণ্টিনাই উপহাৰ দিয়া ফ্ৰীকিকৰ সুযোগত যিধৰণৰ কৌশলেৰে নেদাৰলেণ্ডে গ’লৰ সুযোগ তৈয়াৰ কৰি গ’ল দিলে সেয়া অনবদ্য ৷ মেচখন চলিত বিশ্বকাপৰ সবাতোকৈ ধ্ৰুপদী প্ৰতিদ্বন্দ্বিতাত পৰিণত কৰিছিল এই গ’লটোৱে ৷ নেদাৰলেণ্ড অথবা ভেন গালে নিঃসন্দেহে যুঁজ অবিহনে কোৱাৰ্টাৰ ফাইনেল এৰিব বিচৰা নাছিল ৷ অতিৰিক্ত সময়ত আৰ্জেণ্টিনাৰ কেইবাটাও নিশ্চিত গ’ল সাৱলীলভাৱে প্ৰতিহত কৰিছিল ডাচ্চ বাহিনীয়ে ৷ টাইব্ৰেকাৰ অৱশ্যাম্ভাৱী হৈছিল ৷ কিন্তু সকলো সলনি হয় টাইব্ৰেকাৰত ৷ আৰ্জেণ্টিনাৰ গ’লকীপাৰ এমিলিয়ানো মাৰ্টিনেজে খেলৰ পাছত কৈছিল যে লুই ভেন গালে কোৱা তাচ্ছিল্যসূচক কথাবোৰে তেওঁক বহুত বিন্ধিছিল ৷ সেই তাচ্ছিল্যকে তেওঁ প্ৰেৰণা হিচাপে লৈছিল ৷ প্ৰতিহত কৰিছিল দুটা ডাচ্চ শ্বট ৷ আচলতে জয় যিকোনো পৰ্যায়ত আঁজুৰি অনাৰ জেদ তগবগাই আছিল আৰ্জেণ্টিনাৰ প্ৰতিজন খেলুৱৈৰ মাজত । অগ্ৰগতি হেৰুৱাইছোঁ কথা নাই । অতিৰিক্ত সময়ত দেখা যাব ৷ অতিৰিক্ত সময়ত পৰা নাই ৷ টাইব্ৰেকাৰত চাই ল’ম ৷ টাইব্ৰেকাৰৰ পূৰ্বে মাৰ্টিনেজৰ দেহৰ ভাষাতে গম পাইছিলোঁ জিলিকি আছিল আত্মবিশ্বাস ! অভিজ্ঞতাই আৰু অধিক শীতল কৰি তোলা মেছিৰ পেনাল্টী লোৱাত আছিল এক Audacity? মাত্ৰ দুখন মেচ আগত পেনাল্টী মিছ কৰি চৌদিশে ট্ৰ’ল হোৱা মহানায়কে এই মেচতে এটা সুন্দৰ composed পেনাল্টীৰে গ’ল স্ক’ৰ কৰিছিল । টাইব্ৰেকাৰত আৰু অধিক শীতলতাৰে বল নেটলৈ ঠেলি দিছিল । আৰু লাউটাৰো মাৰ্টিনেজ? ফৰ্মহীনতা আৰু ট্ৰ’লিঙে মানসিকভাৱে ভাঙি পেলোৱা দূৰৈৰ কথা, সবাতোকৈ গুৰুত্বপূৰ্ণ শেষ পেনাল্টীটো যি অগাধ আত্মবিশ্বাসেৰে তেওঁ স্ক’ৰ কৰি দলক বিজয় দিছিল সি প্ৰতিফলিত কৰে তেওঁৰ নিজৰ আৰু সামগ্ৰিকভাৱে গোটেই দলটোৰ যুঁজাৰু মানসিকতা ৷ সেই আত্মবিশ্বাস আৰু মানসিকতা অভিজ্ঞ মেছি বা প্ৰথম বিশ্বকাপ খেলা মনটিয়েল, পেনাল্টী লোৱা প্ৰতিজন আৰ্জেণ্টাইনৰ মুখত, চকুত আৰু দেহত বিৰাজমান আছিল ৷ তাতেই বাজীমাৎ কৰিছিল আৰ্জেণ্টিনাই ৷ ২০০৬ৰ দলটো বাদ দি ইমান আত্মবিশ্বাসী, চিৰত্ৰগতভাৱে সবল আৰু লক্ষ্যত একাগ্ৰ দল কেতিয়াও বিগত ২০ বছৰত আৰ্জেণ্টিনাৰ নাছিল ৷ এই দল শিল্পীও, এই দল ৰুক্ষও ৷ এই দলে মেছিক আৰু মেছিয়ে এই দলক জয়ৰ বাবে এক ইঞ্চি পিছুৱাই নহাৰ তাড়না দিছে ৷ ২০১০ আৰু ২০১৪ত মেছিয়ে আৰ্জেণ্টিনাৰ আন খেলুৱৈৰ বাবে খেলিব লগা হৈছিল ৷ এতিয়া ৰড্ৰিগো ডি পল, এনজ’ ফাৰ্ণাণ্ডেজ, এমিলিয়ানো মাৰ্টিনেজে মেছিৰ বাবে খেলে ৷ খেলে নহয়, মাৰ্টিনেজৰ ভাষাত মেছিৰ বাবে নিজৰ প্ৰাণ তেওঁলোকে দি দিব পাৰে ৷ এয়া এক নতুন আৰ্জেণ্টিনাৰ জন্ম ৷ ৰুক্ষ আৰু ক্ষমাহীন ৷ আৰু ক্ৰোৱেচিয়াৰ বিৰুদ্ধে এক অনবদ্য ছেমিফাইনেলৰ অপেক্ষাত আমি ৷