নিউজ ডেস্কঃ শ্ৰী ৰঘুপতিৰ পিছতেই আজি ছবিগৃহত শুভমুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি “দ্য শ্লেম বুক”। এন কে প্ৰডাকচনে নিজা ৪০ বছৰীয়া সফল যাত্ৰাত অসমীয়া ছবিপ্ৰেমীক “দ্য শ্লেম বুক” ছবিখন উপহাৰ স্বৰূপে আগবঢ়াইছে।
ইতিমধ্যেই ছবিখনৰ ৪ টাকৈ গীত ইউটিউবত মুকলি কৰা হৈছে। ছবিখনৰ ট্ৰেইলাৰ লগতে আটাইকেইটা গীতেই অসমবাসীৰ পৰা যথেষ্ট ভাল সহাঁৰি লাভ কৰিছে।
উল্লেখ্য যে, নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীক লগত লৈ নিৰ্মিত ছবিখন ২০১৯ চনতেই সকলো দৃশ্য গ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হৈছিল। কিন্তু কোভিড মহামাৰীৰ বাবে ছবিখনৰ মুকলি দিন পিছুৱাব লগীয়া হৈছিল। কৈশোৰৰ বন্ধুত্ব, প্ৰেম, বিশ্বাস, প্ৰতাৰণা আদি কাহিনীৰে নিৰ্মিত ছবিখনৰ কাহিনী আৰু পৰিচালনা প্ৰাঞ্জল গয়াৰীৰ।
শীৰ্ষক ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ, প্ৰযোজনা কৰিছে দেৱ বৰকটকীয়ে। মুম্বাইত প্ৰতিষ্ঠিত জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। ছবিখনৰ সংগীত কৰিছে জুবিন গাৰ্গ। জুবিন গাৰ্গ, ৰোহিত চ’নাৰ আৰু বহুকেইজন জনপ্রিয় শিল্পীয়ে ছবিখনত কণ্ঠদান কৰিছে।
লগতে, ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে আসাম ভেলী স্কুল তেজপুৰ বালিপাৰা, গুৱাহাটী আৰু শ্বিলঙৰ মনোৰম লোকেশ্বনত। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী আৰু অভিনেতা নিৰূপম শইকীয়াই। লগতে ছবিখনত দেখা পোৱা যাব কেইবাগৰাকীও ন-পুৰণি শিল্পী। শ্যামন্তিকা, মেঘৰঞ্জনীকে আদি কৰি বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইক ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।
লগতে পঢ়ক – যোৰহাটত জিলা তিনিদিনীয়াকৈ “যোৰহাট দিৱস” উদযাপন