নিউজ ডেস্ক: ২০২৩ বৰ্ষত ছবি গৃহলৈ আহিছে নতুন অসমীয়া ছবি “শ্ৰী ৰঘুপতি”। ৰবি শৰ্মাৰ কাহিনী, সংলাপ আৰু অভিনয়ৰে সমৃদ্ধ ছবিখনৰ প্ৰথমটি গীতৰ ভিডিঅ’ বুধবাৰে ইউটিউবত মুক্তি কৰি দিয়া হয়। গীতটিৰ নাম “তুমি আৰু মই”।

গীতটিৰ অডিঅ’ চলিত মাহৰ ১৭ এপ্ৰিলত ইউটিউবত মুক্তি দিয়া হৈছিল। জুবিন গাৰ্গ আৰু দীপলীনা ডেকাৰ কণ্ঠত মুক্তি পোৱা অডিঅ’টো ইতিমধ্যে ইউটিউবত আঢ়ৈ লাখৰো অধিক ভিউচ (Views) পাবলৈ সক্ষম হৈছে। উক্ত গীতটিৰ কথা দিগন্ত ভাৰতী আৰু সংগীত প্ৰণয় দত্তৰ।
উল্লেখ্য যে, তৃষ্ণা মোছন পিক্চাৰ্চে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাই। সংগীত পৰিচালনা প্ৰণয় দত্তৰ। অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা) ও ছবিখনত অভিনয় কৰাৰ লগতে ৰীণা বৰা, অৰুণ নাথ হাজৰিকা, প্ৰীতিকংকণা, মনজিৎ শৰ্মাই, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীকো দেখা পোৱা যাব। ‘ৰঘুপতি’ৰ জৰিয়তে ৰূপালী পৰ্দাত ভূমুকি মাৰিব দুই অভিনেত্ৰী লুনা দেৱী আৰু বুবলী কাশ্যপে। সুদীৰ্ঘ ১৭ টা বছৰ পিছত অভিনয় জগতৰ পৰা আঁতৰি থকা অভিনেতা ৰাজ শৰ্মাকো ছবিখনত দৰ্শকে দেখিবলৈ পাব।

২০২০ চনতেই মুক্তি পাবলগীয়া ছবিখন কৰোণো মহামাৰীৰ বাবে থমকি ৰ’বলগীয়া হয়। ‘শ্ৰী ৰঘুপতি’ চিনেমাখনত দৰ্শকক নতুনত্ব সোৱাদ দিবলৈ গুৱাহাটী, গোলাঘাট, বঙাইগাঁও আদিৰ উপৰিও অসমৰ বাহিৰতো চিত্ৰগ্ৰহণ কৰা হৈছে।
লগতে পঢ়ক – ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে এইচডিডি পদ্ধতিৰে প্ৰাকৃতিক গেছ পাইপলাইন নিৰ্মাণ