গুৱাহাটী : বৰ্ণাঢ্য কাৰ্যসূচীৰে সুন্দৰবড়ীস্থিত নতুন কেমব্ৰিজ পাব্লিক স্কুলৰ কেম্পাছটো উদ্বোধন কৰা হয়। কেমব্ৰিজ পাব্লিক স্কুলৰ নতুন কেম্পাছটো গুৱাহাটীৰ সাংসদ কুইন ওজাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধন কৰে। উক্ত অনুষ্ঠানত চিবিএছই’ৰ আঞ্চলিক সঞ্চালক কে কে চৌধুৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেমব্ৰিজ পাব্লিক স্কুলৰ পৰিচালনা সঞ্চালক হেমন্ত দাস, কমলা দাস আৰু অধ্যক্ষ ৰত্ন সিঙ উপস্থিত থাকে।

অনুষ্ঠানটোত বক্তব্য ৰাখি মুখ্য অতিথি সাংসদ কুইন ওজাই বিদ্যালয়ৰ গোটেই দলটোক তেওঁলোকৰ নতুন চৌহদৰ বাবে অভিনন্দন জনায়। সাংসদ কুইন ওজাই কয় যে কেৱল শিক্ষাই শিশুৰ ব্যক্তিত্ব তৃণমূল স্তৰৰ পৰা সলনি কৰিব পাৰে। শিক্ষাৰ জৰিয়তে আমি দেশখন নিৰ্মাণ কৰিব পাৰোঁ। অনুষ্ঠানটোত বক্তব্য ৰাখি কেমব্ৰিজ পাব্লিক স্কুলৰ সঞ্চালক দাসে কয় যে আমি ২৮ বছৰ আগতে এটা ভাড়াঘৰৰ সৈতে আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া আমাৰ নিজা বিদ্যালয় চৌহদ আছে যিয়ে অধিকসংখ্যক শিশুক শিক্ষিত কৰাৰ আমাৰ সামৰ্থ্য শক্তিশালী কৰিব। বৰ্তমান আমাৰ নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে ৬০০ তকৈ অধিক শিক্ষাৰ্থী আছে।

লগতে পঢ়ক –  মৃত কুকুৰ ভক্ষণ কৰি কামৰূপত ২০ টা শগুণৰ মৃত্যু

অধ্যক্ষ ৰত্ন সিঙে কয় যে নতুন চৌহদটোৱে উন্নত ক্ৰীড়াৰ সুবিধা, মানসিকসুস্থ, ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন আৰু উন্নত গৱেষণাগাৰৰ সুবিধা প্ৰদান কৰিব। উল্লেখযোগ্য যে কেমব্ৰিজ পাব্লিক স্কুল ১৯৯৪ চনত মালিগাঁৱৰ বৰিপাৰাত এটা ভাড়াঘৰত স্থাপন কৰা হৈছিল। বিদ্যালয়খন ২০০৫ চনত চিবিএছইৰ সৈতে সংযুক্ত হয় আৰু প্ৰতি বছৰে বোৰ্ডত ১০০ শতাংশ ফলাফল লাভ কৰি আহিছে। শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰাৰ লগতে সৰ্বভাৰতীয় বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা আৰু স্নাতকোত্তৰ পৰীক্ষাত সোণৰ পদক অৰ্জন কৰাকে ধৰি কেইবাটাও মাইলৰ খুঁটি অৰ্জন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply