গুৱাহাটী : কমাণ্ডো বেটেলিয়ন গঠনৰ বাবে ৮৩৯.৯৫ কোটি টকাৰ অনুমোদন। অসম চৰকাৰৰ কেবিনেটত ৫ খন জিলাত কমাণ্ডো বেটেলিয়ন গঠনৰ বাবে ৮৩৯.৯৫ কোটি টকাৰ অনুমোদন জনাইছে। সোমবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পিছত এই কথা জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

কেবিনেট বৈঠকৰ পিছত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে স্পৰ্শকাতৰ অঞ্চলত স্থাপিত হ’বলগীয়া বেটেলিয়ন সমূহে অপৰাধৰ সৈতে মোকাবিলা কৰাত অসম আৰক্ষীৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে বিদ্ৰোহ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।হাইলাকান্দি, কাৰ্বি আংলং, শিৱসাগৰ, বিশ্বনাথ আৰু তিনিচুকীয়া জিলাত স্থাপন কৰা হ’ব পাঁচটা বেটেলিয়ন।

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰে মহাৰাষ্ট্ৰৰ ভিলেজ তিৱাৰী নামৰ ঠাইত ভূমি সংগ্ৰহ কৰি নামঘৰ, কনফাৰেন্স হ’ল, গেষ্ট হাউছ আৰু মিউজিয়াম স্থাপনৰ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত। মহাৰাষ্ট্ৰৰ নবী মুম্বাইত অসম কমপ্লেক্স নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

লগতে পঢ়ক –  ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যবাসীয়ে ঘৰে ঘৰে উত্তোলন কৰিব লাগিব জাতীয় পতাকা: মুখ্যমন্ত্ৰী

ইফালে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ ইডব্লিউএছৰ বাবেও কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৮ লাখ টকাতকৈ কম উপাৰ্জন কৰা লোক তথা গ্ৰামাঞ্চলত ৩০ বিঘাতকৈ কম মাটি থকা লোকক আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply