নিউজ ডেস্কঃ অসমৰ শিক্ষাখণ্ডৰ বাবে এক ঐতিহাসিক দিন। মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাই  শুক্ৰবাৰে ৰাজ্যৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’ৰ শুভাৰম্ভণি কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰা অসম হৈছে সমগ্ৰ দেশৰ প্ৰথম ৰাজ্যসমূহৰ ভিতৰত অন্যতম। এতিয়াৰপৰা, ৰাজ্যৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়াব।

উল্লেখ্য যে, চলিত বছৰৰ আগষ্টৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’বলগীয়া শিক্ষাবৰ্ষত নতুন শিক্ষানীতিৰ অনুসৰি GUFYUGP অৰ্থাৎ Guwahati University Four-Year Undergraduate আৰম্ভ কৰিব। উক্ত পাঠ্যক্ৰমৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিশ্ববিদ্যালয়খনে।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰধান কৰি কয় যে, শিক্ষা ব্যৱস্থাক এক নতুন ৰূপত গঢ় দি পৰিৱৰ্তিত সময়ৰে খাপ খোৱাকৈ মানৱ সম্পদৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ সময় আহি পৰিছে। অসম চৰকাৰে ৰাজ্যিক বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ শিক্ষানুষ্ঠান আৰু স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহক শৈক্ষিক বৰ্ষ ২০২৩-২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ৰূপায়ণৰ বাবে প্ৰেৰণা যোগাই আহিছে।

লগতে তেওঁ কয়, আমাৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিসমূহৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বহুমুখী দক্ষতা বিকাশৰ ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। তদুপৰি শৈক্ষিক ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত উপাচাৰ্যসকলক এক উপযুক্ত উমৈহতীয়া শৈক্ষিক পৰিকাঠামো গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অসমতো ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ৰূপায়ণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাই সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। নৱপ্ৰজন্মৰ মাজত জিজ্ঞাসা, কৌতুহল আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী প্ৰবল কৰি তুলিবলৈ গৱেষণাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব লাগিব, মুখ্যমন্ত্ৰী শৰ্মাই কয়।

উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, শিক্ষা উপদেষ্টা শ্ৰী ননীগোপাল মহন্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

জানোঁ আহক নতুন শিক্ষা নীতি,২০২০ ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত কি সলনি কৰা হৈছে,

স্নাতক পৰ্যায়ৰ শিক্ষা (Graduation)

এতিয়াৰে পৰা স্নাতক পৰ্যায়ত শিক্ষাৰ্থীয়ে চাৰি বছৰীয়া পাঠ্যক্ৰম পঢ়িব লাগিব। পিছে কোনো ধৰণৰ লোকচান নোহোৱাকৈ কোনো শিক্ষাৰ্থীয়ে স্নাতকৰ পাঠদানৰ গ্ৰহণৰ মাজত কলেজ এৰিব পাৰিব। নতুন শিক্ষা নীতিত এতিয়াৰে পৰা প্ৰথম বৰ্ষত উত্তীৰ্ণ হ’লে চাৰ্টিফিকেট সহ স্নাতক (UG Certificate in Faculty/Discipline), দ্বিতীয় বৰ্ষ উত্তীৰ্ণ হ’লে ডিপ্লোমা সহ স্নাতক (UG Diploma in Faculty/Discipline), তৃতীয় বৰ্ষ উত্তীৰ্ণ হ’লে ডিগ্ৰী সহ স্নাতক ( Bachelor’s Degree in Faculty/Discipline) আৰু চতুৰ্থ বৰ্ষ উত্তীৰ্ণ হ’লে ৰিচাৰ্ছ সহ স্নাতক (Bachelor’s Degree in Faculty/Discipline/Research) ডিগ্ৰী লাভ কিব শিক্ষাৰ্থীয়ে। অৰ্থাৎ এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে প্ৰত্যেকটো স্নাতক শিক্ষা বৰ্ষৰ বাবে পাব স্বীকৃতি।

পিছে এই নতুন শিক্ষা ব্যৱস্থাত নাথাকিব কোনো ধৰণৰ ‘স্ট্ৰীম’ (Stream)কোনো শিক্ষাৰ্থীয়ে স্নাতক পৰ্যায়ৰ ডিগ্ৰী প্ৰাপ্ত কৰিলে কোনোৱে বি.এ., বি.এছ.চি. বা বি. কম. বুলি স্নাতক সন্মান লাভ নকৰিব। কেৱল স্নাতক সন্মান প্ৰাপ্ত বুলি লাভ কৰিব শিক্ষাৰ্থীয়ে। কোনো ধৰণৰ ‘স্ট্ৰীম’ (Stream) ব্যৱস্থাৰ নথকাৰ বাবে এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে যিকোনো মন পছন্দৰ বিষয়ত পঢ়িবলৈ সুবিধা পাব।

ইয়াৰোপৰি, যদি কোনো শিক্ষাৰ্থীয়ে এবছৰ বা দুবছৰ স্নাতক শিক্ষা গ্ৰহণ কৰি কিবা কাৰণ কলেজ এৰিব লগীয়া হয় তেন্তে শিক্ষাৰ্থীয়ে জনে পিছত পুনৰ পোনপতীয়াকৈ পৰৱৰ্তী শিক্ষা বৰ্ষত পঢ়াৰ সুবিধা লাভ কৰিব। অৰ্থাৎ কোনো শিক্ষাৰ্থীয়ে পুনৰ আৰম্ভণি পৰ্যায়ৰ পৰা স্নাতক শিক্ষা গ্ৰহণ কৰিব নালাগে।

স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা (Post Graduate)

এতিয়াৰে পৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্নাতক পৰ্যায়ত ৪ বছৰীয়া শিক্ষা বৰ্ষ শেষ কৰি “ৰিচাৰ্ছ সহ স্নাতক” ডিগ্ৰী লাভ কৰি তেনে শিক্ষাৰ্থীয়ে মাত্ৰ এবছৰীয়া স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিব লাগিব। আনহাতে যিয়ে ৩ বছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা বৰ্ষ শেষ কৰি ডিগ্ৰী সহ স্নাতক লাভ কৰিব তেনে শিক্ষাৰ্থীয়ে দুবছৰীয়া স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিব লাগিব।

স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ শিক্ষাটো কোনো ধৰণৰ এম. এ., এম. এছ. চি., এম. কম. বুলি ‘স্ট্ৰীম’ (Stream) নাথাকিব । মাথোঁ শিক্ষাৰ্থীয়ে স্নাতকোত্তৰ সন্মান প্ৰাপ্ত বুলি বুলি লাভ কৰিব।  

এই নতুন শিক্ষা ব্যৱস্থাত এতিয়াৰে পৰা নাথাকিব কোনো এম. ফিল. পৰ্যায়ৰ ডিগ্ৰী। শিক্ষাৰ্থীয়ে পোনপটীয়াকৈ কেৱল চাৰি বছৰীয়া পি. এইচ. ডি. ডিগ্ৰীৰ বাবে নিজৰ গৱেষণা প্ৰস্তুতি চলাব।

লগতে পঢ়ক – বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ পিছত অসমৰ পৰা যাত্ৰা কৰিবলগীয়া ৫ খনকৈ ৰে’ল বাতিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply