নিউজ ডেস্ক: আজিৰ দৈনন্দিন জীৱনত হোৱাটছএপ এক এৰাব নোৱাৰা যোগাযোগ মাধ্যম। যোগাযোগৰ অতিকৈ জনপ্ৰিয় মাধ্যম হিচাপে পৰিগণিত হোৱাটছএপে শেহতীয়াভাৱে লৈ আহিছে এক নতুন পদক্ষেপ।
ব্যৱহাৰকাৰীয়ে যাতে হোৱাটছএপে ব্যৱহাৰ কৰোঁতে অধিক সুৰক্ষা অনুভৱ কৰিব পাৰে তাৰ বাবেই এপটোৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে গ্ৰহণ কৰিছে নতুন পদক্ষেপ।
এতিয়াৰে পৰা হোৱাটছএপে ব্যৱহাৰকাৰীয়ে গোপনীয় কথা পাতিলে চিন্তিত হোৱাৰ প্ৰয়োজন নাই। কিয়নো আপুনি এতিয়াৰে পৰা হোৱাটছএপৰ Chat ল’ক কৰিব পাৰিব। আপুনি Chat ল’ক কৰিলে আপোনাৰ পাছৱৰ্ডৰ অবিহনে কোনোৱে আপোনাৰ মেছেজ পঢ়িব নোৱাৰিব। গোপনীয়াতা ৰক্ষাৰ ক্ষেত্ৰত হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লাভ কৰিব এতিয়াৰে পৰা সম্পূৰ্ণ নিৰাপত্তা।
সোমবাৰে এক ফেচবুক পষ্টযোগে স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে জনোৱা অনুসৰি, Chat ল’ক কৰিবলৈ এটা বিশেষ ফল্ডাৰ তৈয়াৰ কৰিছে হোৱাটছএপে। Locked Chat ৰে নামকৰণ কৰিবলীয়া ফল্ডাৰটোত আপুনি আপোনাৰ ব্যক্তিগত গোপনীয় Chat বোৰ ফল্ডাৰত ৰাখিব পাৰিব। এই বিশেষ ফল্ডাৰটোত ৰাখিলে আপোনাৰ কোনো মেছেজৰ Notification য়ো লাভ নকৰিব।
লগতে পঢ়ক – অম্বুবাচী মেলাত ভক্তসকলৰ মাজত আহাৰ বিতৰণ ব্যৱস্থা সন্দৰ্ভত আলোচনা