গুৱাহাটী : ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মুখপাত্র তথা সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব হিচাপে নিযুক্তি প্রদান কৰা হয়। দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শমাই নৱ নিযুক্ত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব গৰাকীক আন্তৰিক অভিনন্দন জনাইছে।
নেতাদ্বয়ে কয় যে সাংসদ পবিত্র মাৰ্ঘেৰিটাই ভাৰতীয় জনতা পার্টি সদস্য হিচাপে দায়িত্বভাৰ গ্রহণ কৰা পিছৰে পৰাই দলে প্রদান কৰা প্ৰতিটো দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছে। সাংসদ গৰাকীয়ে নতুনকৈ প্ৰদান কৰা দায়িত্ব সুচাৰু ৰূপে পালন কৰিবলৈ সামৰ্থ হ’ব বুলি নেতাদ্বয়ে আশা ব্যক্ত কৰে।
আনহাতে দলৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি পবিত্র মাৰ্ঘেৰিটাই কয় যে দলে প্রদান কৰা এই গধুৰ দায়িত্বৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ক্ষেত্রীয় সাংগঠনিক সম্পাদক অজয় জামােৱাল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথশর্মাকে আদিকৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃবৃন্দ, দলৰকাৰ্যকর্তা আৰু শুভাকাংক্ষী সকল, অসমবাসী ৰাইজ আৰু বিবিধ সংগঠনৰ মাৰ্গদর্শকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।
লগতে পঢ়ক – চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ড
মাৰ্ঘেৰিটাই ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন সুদক্ষ, কর্মপটু আৰু সমগ্ৰ দেশতে জনপ্রিয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব লাভ কৰি নিজকে অত্যন্ত সৌভাগ্যৱান বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।