মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ মিৰজুমালা অসম -মেঘালয় সীমান্তত দেওবাৰে বিয়লি ‘এমএল-১৪ ৰেষ্ট্ৰ’ নামৰ এখন ৰেষ্টুৰেণ্টৰ শুভ উদ্বোধন কৰা হয়। ৰেষ্টুৰেণ্টখন শুভ উদ্বোধন কৰে মেঘালয় চৰকাৰৰ এম চি চি এলৰ অধ্যক্ষ সঞ্জয় চাংমা।
মানকাচৰ অঞ্চলত প্ৰথমখন ৰেষ্টুৰেণ্ট মুকলি হোৱাৰ লগে লগে গ্ৰাহকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়। মানকাচৰৰ বিভিন্ন অঞ্চলৰ লগতে মেঘালয়ৰ বিভিন্ন ঠাইৰ গ্ৰাহকে ইয়াত আহি খাদ্যৰ সোৱাদ লয়। অসম-মেঘালয়ৰ দাঁতি-কাষৰীয়া অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহে ইয়াত উপস্থিত হয়।
লগতে পঢ়ক – কেইবাখনো উচ্চশিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক, শিক্ষাবিদ গোবিন্দ চন্দ্ৰ দলেৰ দেহাৱসান
প্ৰায় ১৪০ প্ৰকাৰৰ খাদ্য সম্ভাৰ এই ৰেষ্টুৰেণ্টখনত উপলব্ধ আছে। উদ্বোধনৰ পাছতেই বিভিন্ন বয়সৰ লোক, কণ-কণ লৰা-ছোৱালী, যুৱক-যুৱতী ইয়াৰ ভিন্ন খাদ্য খাই সন্তোষ প্ৰকাশ কৰে। গ্ৰাহকৰ এনে ধৰণৰ সহাঁৰি দেখি স্বত্বাধিকাৰী ৰাইহান আলম উৎফুল্লিত হৈ পৰে।