নিউজ ডেস্ক: আজি উচ্চতম ন্যায়লয়ত দুগৰাকী নতুন ন্যায়ধীশে শপত গ্ৰহন কৰে। ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু জ্যেষ্ঠ অধিবক্তা কে ভি বিশ্বনাথনে উচ্চতম ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।
ভাৰতৰ মুখ্য ন্যায়ধীশ ডি ৱাই চন্দ্ৰচুৰে দুয়োগৰাকী ন্যায়ধীশক শপত বাক্য পাঠ কৰাই।

ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰই ইয়াৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ হিচাপে কাৰ্যনিবাহ কৰিছিল।
উল্লেখ্য যে বৰ্তমান নতুন দুয়োগৰাকী ন্যায়াধীশক ধৰি উচ্চ ন্যায়লয়ত মুঠ ন্যায়ধীশৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি হয়।