নলবাৰী : তীব্ৰ আৰ্থিক সংকটৰ বাবে এহাল দম্পতিৰ চৰম সিদ্ধান্ত। বিবাহৰ ১১ মাহ পিছত স্বামী-স্ত্ৰীৰ আত্মহত্যা। এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰীত। অঞ্চলজুৰি শোকৰ ছাঁ।
ৰঙালী বিহুৰ আনন্দৰ মাজতে নলবাৰীৰ চামতাত সংঘটিত হ’ল এক শোকাবহ ঘটনা। বেলশৰ থানাৰ অন্তৰ্গত চামতাৰ মালোপাৰাত বিবাহৰ এবছৰ নহওঁতেই স্বামী-স্ত্ৰীয়ে একেলগে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটো চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চামতাৰ মালোপাৰা নিবাসী অমূল্য ঠাকুৰীয়া আৰু চিত্ৰ ঠাকুৰীয়াৰ জ্যেষ্ঠ পুত্ৰ মৃদূল ঠাকুৰীয়াই প্ৰায় ১১ মাহ পূৰ্বে গুৱাহাটীৰ আজাৰা নিবাসী ৰূপালী ঠাকুৰীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। সাধাৰণ দৰ্জি কাম কৰি মাক-দেউতাক আৰু একমাত্ৰ ভাতৃৰ সৈতে পাঁচজনীয়া পৰিয়ালটো কোনোমতে চলাই আছিল মৃদুল ঠাকুৰীয়াই।
কিন্তু বুধবাৰে সন্ধিয়া নিজ ঘৰৰ বাথৰূমত নৱ-দম্পতি হালৰ মৃতদহে উদ্ধাৰ হয়। ঘটনাৰ পিছতে ঘটনাস্থলীত চামতা পহৰা চকীৰ আৰক্ষীৰ দল উপস্থিত হৈ দণ্ডাধীশ বেদান্ত বৰুৱাৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক – ফকিৰগঞ্জ-মাটিফাটাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া
তীব্ৰ আৰ্থিক সংকটৰ বাবেই দম্পতিহলে এই চৰম পন্থা গ্ৰহণ কৰা বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈকে আত্মহত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তৰ পিছতে দম্পতিহালৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।