ন কইনাৰ ৰহস্যজনক মৃত্যু, মৃতদেহ উদ্ধাৰ

দেওবাৰে   কৰিমগঞ্জ জিলাৰ গন্দৰবাখনি গাঁৱত ৰফিয়া বেগম নামৰ এগৰাকী নৱ বিবাহিত মহিলাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে।

বাতৰি অনুসৰি, কৰিমগঞ্জৰ পুৰাণ চান্দপুৰৰ বাসিন্দা ৰফিয়া বেগমে ২৫ নৱেম্বৰত কৰিমগঞ্জৰ গন্দৰভাখানিৰ বাসিন্দা মুস্তাফা আহমেদৰ সৈতে ইছলামিক ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হয়।

দেওবাৰে মাক-দেউতাকৰ ঘৰলৈ যাবলৈ ওলোৱা ৰফিয়াক দুপৰীয়া তাইৰ শহুৰেকৰ ঘৰৰ এটা কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল। পাছত পৰিয়ালৰ সদস্যসকলে আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে, ৰফিয়াৰ পিতৃ-মাতৃয়ে কিবা ৰহস্য থকা  বুলি সন্দেহ কৰে আৰু বিষয়টো সঠিকভাৱে তদন্ত কৰিবলৈ দাবী কৰে। পিতৃ-মাতৃয়ে দাবী কৰিছে, “ৰফিয়াই তাইৰ জীৱন শেষ কৰাৰ কোনো কাৰণ নাছিল।”

গাওঁখনৰ স্থানীয় লোকেও লগতে দাবী কৰে যে ৰফিয়াৰ আত্মহত্যাৰ দ্বাৰা মৃত্যু হোৱা নাই, তাইক শহুৰেকে পূৰ্ব পৰিকল্পিত ভাৱে হত্যা কৰি আত্মহত্যাৰ ঘটনা হিচাপে উপস্থাপন কৰিছে।

বাৰাইগ্ৰাম আৰক্ষী চকীৰ এজন বিষয়াই কয়, “মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত বিষয়টো স্পষ্ট হ’ব। ইতিমধ্যে গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। আশা কৰোঁ, সকলো তথ্য সোনকালেই পোহৰলৈ আহিব।“

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply