২৫ জুলাইত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল উকলি যাব। তাৰ পূৰ্বে দেশত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ বাবে নিৰ্বাচন আয়োগে তাৰিখো ঘোষণা কৰিছে। ১৮ জুলাইত ভোটগ্ৰহণ, ২১ জুলাইত গণনা। ইয়াৰ পিছত ভাৰতৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি কোন বুলি সুধিলে আপুনি হয়তো লিখিব লাগিব বা ক’ব লাগিব এগৰাকী খানৰ নাম। ইতিমধ্যে ৰাজনৈতিক মহলত, সামাজিক মাধ্যমত ইয়াক লৈ গুণা-গথা আৰম্ভ হৈ গৈছে। মিষ্টাৰ খান। মানে কোনোবা এগৰাকী মুছলমান লোক হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। এই খান জন এতিয়াৰ কেৰালাৰ ৰাজ্যপাল। ড০ আৰিফ মহম্মদ খান।
বৰ্তমান কেৰালাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আৰিফ মহম্মদ খানৰ ৰাজনৈতিক কেৰিয়াৰ দীঘলীয়া। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ নেতা হিচাপে ৰাজনীতিত ভৰি থোৱা খানে ১৯৮০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। অৱশ্যে, ১৯৮৬ চনত শ্বাহ বানু গোচৰক লৈ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে তেওঁৰ মুকলি বিষোদগাৰ তেতিয়াৰ চৰ্চিত বিষয় আছিল।
ইয়াৰ পিছত বিভিন্ন সময়ত আৰিফ মহম্মদ খানে ৰাজনৈতিক আৰু উগ্ৰ ইছলামৰ বিৰুদ্ধে এক আদৰ্শগত যুদ্ধৰ নেতৃত্ব দি আহিছে। সেই কথা ৰাজনীকিৰ ভু-ৰখা সকলে জানে। তেওঁ ২০০৪ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল তাৰ পিছৰখিনি ইতিহাস, আৰু এতিয়া পুনৰ চৰ্চালৈ আহিছে এই মিষ্টাৰ খানৰ নাম। কাৰণ ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে বিজেপিক এতিয়া লাগে এগৰাকী মুছলমান ব্যক্তি। পাতনিতে কৈছো, তেওঁ এতিয়া কেৰালাৰ ৰাজ্যপাল। ২০১৯ চনৰ পৰাই এই পদত আসীন হৈ আছে তেওঁ।
এই মানুহজন মুছলমানসকলৰ মাজত সংস্কাৰৰ এক শক্তিশালী কণ্ঠ হিচাপে পৰিচিত হৈ আহিছে আৰু শেহতীয়াকৈ দেশৰ সাম্প্ৰদায়িক পৰিৱেশ নিতৌ অৱনমিত হোৱা, অনাগত লোকসভা নিৰ্বাচনত মুছলমানৰ আস্থাজয় এই আটাইবোৰ সাতে-পাচে মিলাই আৰিফ মহম্মদ খানক ৰাষ্ট্ৰপতি হিচাপে বিচাৰিছে বিজেপিয়ে।
ৰাষ্ট্ৰপতি খান?
যদিও বেছিভাগ মুছলমান আৰু উদাৰবাদীয়ে বিজেপিক মুছলমান বিৰোধী বুলি অভিহিত কৰি আহিছে, তথাপি বিজেপিয়েই ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি ড. এ পি জে আব্দুল কালামক নিৰ্বাচিত কৰিছিল।
ইতিমধ্যে আম আদমী পাৰ্টি শিবিৰো পতিয়ন গৈছে যে আৰিফ মহম্মদ খান ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ শক্তিশালী দাবীদাৰ।
বিজেপিক কিয় লাগে এজন মুছলমান ৰাষ্ট্ৰপতি?
কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে এতিয়া বিজেপি তথা নৰেন্দ্ৰ মোদীক এগৰাকী মুছলমান বিদ্বেষী হিচাপে অভিহিত কৰা হৈছে। নূপুৰ শৰ্মাৰ হজৰত মহম্মদ সংক্ৰান্তীয় বক্তব্যই সমগ্ৰ বিশ্বৰে মুছলমান সমাজক হিন্দু বিৰোধী, বিজেপি বিৰোধী, কিম্বা মোদী বিৰোধী কৰি তু্লিছে। বহু দেশত ভাৰত বিৰোধী শ্লোগানো শুনিবলৈ পোৱা গৈছে। এনে ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ সময়ত এজন মুছলমানক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰিলে দলটোক মানে বিজেপিক ‘হিন্দু-জাতীয়তাবাদী’ ৰংৰ পৰা মুক্ত কৰিব পৰা যাব বুলি ধাৰণা কৰিছে বিজেপি শিবিৰে।
পিছে আৰিফ খানেই বা কিয়? কেৱল মুছলমান হোৱা বাবেই? ইয়াৰ পূৰ্বে বিজেপিয়ে তুৰুপৰ পাত হিচাপে কালাম আৰু কোবিন্দক যেতিয়া প্ৰক্ষেপ কৰিছিল তেতিয়া তেওঁলোকৰ হাতত আছিল অবিতৰ্কিত অতীত। পৰিৱৰ্তে আৰিফ মহম্মদ খানে ইতিমধ্যে ইছলামৰ সংস্কাৰৰ মুকলি সমালোচনাৰ উপৰি, বহুবিবাহ আৰু তিনি তালাকৰ দৰে প্ৰথাৰ বিৰোধিতা কৰি গোড়া মুছলমানসকলৰ পৰা যথেষ্ট ঘৃণা অৰ্জন কৰিছে। তদুপৰি তেওঁৰ দীৰ্ঘদিন ধৰি উগ্ৰ ইছলামৰ বিৰুদ্ধে যুঁজ দিয়াৰো ইতিহাস আছে।
শেহতীয়াকৈ বিৰোধী শক্তিয়ে শাৰদ পাৱাৰক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰাৰ পিছত এতিয়া বিজেপিৰ বাবে মুছলমান ৰাইজৰ আস্থা হাতত ল’বৰ বাবে আৰিফ মহম্মদ খান কিম্বা এগৰাকী মুছলমানেই যে অস্ত্ৰ হৈ পৰিব সেয়া নিশ্চিত হৈছে। খানৰ নামৰ উপৰিও এই সন্দৰ্ভত বিজেপি নেতা মুখতাৰ আব্বাছ নকভিৰ নামো চৰ্চালৈ আহিছে। যিহেতু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অন্তিম নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে গোপনীয়তা ৰক্ষা কৰাত ভাল আৰু তথ্য লিক হ’বলৈ নিদিয়ে, গতিকে শেষ পৰ্যায়ত কাৰ নাম ঘোষণা কৰি ১৮ তাৰিখে নিৰ্বাচনত অৱতীৰ্ণ হয় সেয়া লক্ষণীয় হ’ব।