নিউজ ডেস্ক – মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেই দেওবাৰে যুটীয়াভাৱে ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে জগদীপ ধনখাৰৰ নিৰ্বাচনী প্ৰমাণপত্ৰত স্বাক্ষৰ কৰে। ইয়াৰ লগে লগে, দেশৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল।
নিৰ্বাচন আয়োগৰ মতে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া ৫ জুলাইত ৰাজপত্ৰত কাৰ্যসূচীৰ অধিসূচনা প্ৰকাশৰ সৈতে আৰম্ভ হৈছিল। ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে জগদীপ ধনখৰৰ নিৰ্বাচনী প্ৰমাণপত্ৰত স্বাক্ষৰৰ লগে লগে এই প্ৰক্ৰিয়া আজি সমাপ্ত হয়।
প্ৰমাণপত্ৰৰ স্বাক্ষৰিত প্ৰতিলিপি কেন্দ্ৰীয় গৃহ সচিবক হস্তান্তৰ কৰা হৈছিল। এতিয়া ১১ আগষ্টত নতুন উপ-ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ইয়াক পঢ়ি শুনোৱা হ’ব।
নিৰ্বাচন আয়োগে উপ ৰাষ্ট্ৰপতি নিৰ্বাচন পৰিচালনাত উৎকৃষ্ট সহযোগিতাৰ বাবে ৰিটাৰ্ণিং বিষয়া, ইচিআই পৰ্যবেক্ষক, দিল্লী আৰক্ষী, চিআৰপিএফৰ সমগ্ৰ দলটোক প্ৰশংসা কৰিছে।
উল্লেখ্য যে শনিবাৰে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা ভোটদানৰ পিছত ফলাফলত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) প্ৰাৰ্থী জগদীপ ধনখৰ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। লোকসভাৰ সচিবপ্ৰধান আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্বাচন বিষয়া উৎপল কুমাৰ সিঙে সন্ধিয়া নিৰ্বাচনী ফলাফলৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে সংসদ ভৱনত অনুষ্ঠিত ভোটগ্ৰহণ অনুষ্ঠানৰ পিছত সন্ধিয়া ভোটগণনা অনুষ্ঠিত হৈছিল। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰি উৎপল কুমাৰ সিঙে কয় যে জিকিবলৈ ৩৪৬ টা ভোটৰ প্ৰয়োজন আছিল। জগদীপ ধনখৰে ৫২৮ টা ভোট লাভ কৰিছিল আৰু মাৰ্গাৰেট আলভাই ১৮২ টা ভোট লাভ কৰে।
স্মৰ্তব্য যে ৭৮০ জন সাংসদৰ ভিতৰত মুঠ ৭২৫ জন সাংসদে এই ভোটদানত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত, ১৫ টা ভোট অবৈধ বুলি পোৱা গৈছিল। উপ-ৰাষ্ট্ৰপতি পদৰ বাবে, ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰে।