নিউজ ডেস্ক: শাম কটা নাই মণিপুৰৰ হিংসাত্মক কাৰ্যকলাপ। নিয়াই নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ ধন দাবীৰ এক গোচৰত অভিযোগনামা দাখিল কৰিছে৷
জানিব পৰা মতে, ইম্ফলৰ নিয়াৰ বিশেষ আদালতত পিপলছ ৰিভলিউচনেৰী আর্মি, কাংলেইপাক কমিউনিষ্ট পার্টি, পিপলছ ৰিভলিউচনেৰী পাৰ্টি অফ কাংলেইপাক আৰু ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট উগ্ৰপন্থী সংগঠনৰ ৩ কেডাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।
উল্লেখ্য যে অভিযুক্তসকলে উগ্রপন্থী সংগঠনসমূহৰ কাৰ্যকলাপ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে ধন সংগ্ৰহ কৰি আহিছিল। নিষিদ্ধ সংগঠনসমূহৰ কেডাৰসকলে সংগঠনৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ ইম্ফল আৰু মণিপুৰৰ উপত্যকা অঞ্চলৰ সাধাৰণ নাগৰিকসকলক ধন দাবী কৰি আহিছিল।
সংগঠনৰ কেডাৰসকলে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য ভুক্তভোগীসকলক দিছিল আৰু তেওঁলোকক সেই একাউণ্টত ধন জমা দিবলৈ নিৰ্দেশ দিছিল।