গুৱাহাটী : এক ভয়ংকৰ বাছ দুর্ঘটনা। গুৱাহাটীৰ পৰা মানকাচৰলৈ যোৱা নৈশ বাছ দুর্ঘটনাগ্ৰস্ত। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই দুর্ঘটনা। দুর্ঘটগ্ৰস্ত নৈশ বাছখনৰ কেইবাজনো যাত্ৰী আহত হোৱাৰ খবৰ।

গুৱাহাটীৰ পৰা মানকাচৰলৈ যোৱা এখন যাত্ৰীবাহী নৈশ বাছ দুর্ঘটনাগ্ৰস্ত হৈছে। যাত্ৰীবাহী বাছখন মেঘেয়ালৰ গোমাইঝাৰত দুর্ঘটনাগ্ৰস্ত হৈছে। নিশা প্ৰায় ২ বজাত বাছখন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি দ খাৱৈত বাগৰি পৰে।

লগতে পঢ়ক – Horoscope:আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

এই ভয়ংকৰ পথ দুর্ঘটনাত নৈশ বাছখনৰ কেইবাজনো যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে বাছখনত কিমানজন যাত্ৰী আছিল এই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই। দুর্ঘটনা সংঘটিত কৰি বাছখন চালক পলায়ন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply