শিলচৰ : ডলু চাহ বাগিচাৰ উচ্ছেদৰ তীব্র বিৰোধীতা নিখিল ভাৰত কৃষক সভাৰ। কাছাৰ জিলাৰ বৃহত্তম চাহ বাগিচা ডলু চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰীনফিল্ড বিমান বন্দৰ নিৰ্মাণ কৰাৰ বাবে উচ্ছেদ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্য পৰিষদে।

নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্য পৰিষদৰ সভাপতি গিৰীন্দ্ৰ উপাধ্যায়, ভাৰপ্ৰাপ্ত সম্পাদক জয়ন্ত গগৈয়ে বিমানবন্দৰ নিৰ্মাণৰ নামত ২০০ বছৰ পুৰণি ডলু চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি উচ্ছেদ কৰা কাৰ্যক শ্ৰমিক বিৰোধী আখ্যা দিয়ে। এক বিবৃত্তিযোগে নেতাদ্বয়ে কয়, ডলু চাহ বাগিচাত ভূমি অধিগ্ৰহণ সন্দৰ্ভত কাছাৰ জিলা প্ৰশাসনৰ দ্বাৰা কৰা দুটাকৈ শুনানীত ডলু চাহ বাগিচাৰ শ্ৰমিকসকলে উক্ত ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে বলিষ্ঠভাৱে মত প্ৰকাশ কৰিছিল।

তদুপৰি বাগিচাৰ ২৩৮২ গৰাকী চাহ শ্ৰমিকে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে নিজা স্বাক্ষৰ সম্বলিত মত লিখিতভাৱে কাছাৰ জিলাৰ প্ৰশাসনৰ ওচৰত দাখিল কৰিছিল। কিন্তু চৰকাৰ তথা প্ৰশাসনে বিমানবন্দৰৰ বাবে বিকল্প স্থান নিৰ্ধাৰণ কৰাৰ পৰিবৰ্তে চাহ শ্ৰমিকসকলৰ মতৰ বিপৰীতে গৈ ২,৫০০ বিঘা মাটি নিৰ্দয়ভাৱে উচ্ছেদ কৰিলে।

এই কাৰ্য দুৰ্ভাগ্যজনকভাৱে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শ্ৰমিক বিৰোধী স্থিতি। চাহ বাগানৰ মাটিৰ অধিকাৰ মালিকৰ হাতত থাকে। মাটি যদি চৰকাৰে অধিগ্ৰহণ কৰে মালিকে ক্ষতিপূৰণ পাব, শ্ৰমিকসকল ক্ষতিপূৰণৰ পৰা বঞ্চিত হয় কিয়নো তেওঁলোকৰ ওচৰত মাটিৰ অধিকাৰ নাই। বাগান নোহোৱা হৈ গ’লে বা বেলেগ কামত ব্যৱহাৰ হ’লে চাহ বনোৱা সকলৰ কি হয় বা কলৈ যায় তাৰ কোন উত্তৰ নাই।

লগতে পঢ়ক –  বছৰৰ প্ৰথমটো বানত ৬ খনকৈ জিলা প্ৰভাৱিত

ব্ৰিটিছৰ দিনৰ গ্ৰান্তৰ জড়িয়তে মালিকক মাটি দিয়া এই ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাটো বৰ্তমান এক দাবী। বাগানৰ শ্ৰমিক পৰিয়ালৰ মাটিৰ অধিকাৰ সাব্যস্ত হব লাগে। নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্য পৰিষদৰ উদ্যোগত বাগানৰ শ্ৰমিকৰ মাটিৰ অধিকাৰৰ বাবে আন্দোলন আগন্তুক দিনত তীব্রতৰ হ’ব বুলি বিবৃত্তিত উল্লেখ কৰাৰ লগতে ডলু চাহ বাগিচাৰ উচ্ছেদ অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply