দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত বুধবাৰে নিশা আৰক্ষী আৰু বি এছ এফে দুটা পৃথক অভিযানত ৯ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে মানকাচৰ থানাৰ আৰক্ষীয়ে নিশা প্ৰায় ১ বজাত সীমান্তবৰ্তী কুকুৰমাৰাত অভিযান চলায়। গৰু চোৰাং সৰবৰাহকাৰীয়ে কেবাটাও গৰু সীমান্তৰ ফালে নিয়া অৱস্থাত আৰক্ষী উপস্থিত হৈ ৪ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ উমান পাই লগে লগে সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে।
একেদৰে পুৱতি নিশা প্ৰায় ২ বজাত ভাৰত-বাংলাদেশ সীমান্তৰ দিয়াৰা বি এছ এফ কেম্প এলেকাত ৪৫ নং বেটেলিয়ান বি এছ এফে ৫টা গৰু জব্দ কৰে।
গৰু কেইটা সৰবৰাহকাৰী দলে বাঁহৰ ঢেঁকীৰ সহযোগত বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ লোৱা অৱস্থাত টহলধাৰী বি এছ এফে গৰু কেইটা জব্দ কৰে যদিও সৰবৰাহকাৰী দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
জানিব পৰা মতে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি গৰু চালনা কৰাৰ সময়ত ভাৰতৰ লগতে বাংলাদেশৰ পৰাও সৰবৰাহকাৰী দল আহি উপস্থিত হৈছিল। কিন্তু বি এছ এফক দেখি কাঁইটীয়া তাঁৰৰ উভয় দিশে থকা চোৰাং সৰবৰাহকাৰী পলায়ন কৰে।
মন কৰিবলগীয়া যে মানকাচৰৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সমান্তৰাল ভাৱে এতিয়া নদী তথা চৰ সীমান্তৰ মাজেৰেও ভয়াবহ ভাবে গৰুৰ চোৰাং ব্যৱসায় আৰম্ভ হৈছে। প্ৰতি নিশা জিলা খনৰ আন্তৰাষ্ট্ৰীয় সীমান্তয়েদি বাংলাদেশলৈ ৩ শতাধিক গৰু সৰবৰাহ হয় বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।