গুৱাহাটী : জুনিয়ৰ এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ নিৰজ বৰাৰ সোণৰ পদক লাভ। শনিবাৰে কিৰ্গিস্তানত অনুষ্ঠিত বিশ্ব পাৱাৰলিফটিং চেম্পিয়নশ্বিপৰ অধীনত জুনিয়ৰ এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ নিৰজ বৰাই সোণৰ পদক লাভ কৰে। নিৰজ বৰাই সামগ্ৰিক আৰু বেঞ্চ-প্ৰেছ শাখাতো সোণৰ পদক লাভ কৰে।
নিৰজৰ প্ৰদৰ্শন আছিল এনেধৰণৰ, স্কুৱেট-২২০ কেজি (open knee), বেঞ্চ প্ৰেছ-১৫২.৫ আৰু ডেডলিফ্ট-২৪৫। মুঠতে তেওঁ মুঠ ৬১৮ কেজি উত্তোলন কৰে। এই চেম্পিয়নশ্বিপত এছিয়াৰ ২৫ খন দেশৰ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল। নিৰজক বৰাকে ধৰি ভাৰতৰ পৰা মুঠ ৭ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল। ২২ বছৰীয়া নিৰজ বৰাৰ ঘৰ গুৱাহাটীৰ ৰুক্মিণীগাঁৱত। মাতৃ পূৰ্ণিমা বৰা, পিতৃ শোণিত কুমাৰ বৰা। নিৰজ বৰাৰ প্ৰশিক্ষক হৈছে বাংগালুৰুৰ পৰা অহা এৰেন ফাৰ্নাণ্ডেজ।
লগতে পঢ়ক – অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
নিৰজ বৰাই নিজৰ সফলতা সন্দৰ্ভত কয় “মই মোৰ সপোনক বাস্তৱত পৰিণত কৰিছো। এই যাত্ৰাৰ বাবে মই অতিশয় আশাবাদী আছিলো। সমান্তৰালভাৱে ভাৰতৰ লগতে অসমৰ হৈ স্বৰ্ণ জয় কৰিবলৈ পাই মই খুবেই আনন্দিত হৈছো।” বৰ্তমান নিৰজ কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰৰ ছাত্ৰ। ইয়াৰ পূৰ্বে ২০২২ চনৰ মাৰ্চ মাহত বাংগালুৰুত অনুষ্ঠিত হোৱা নেশ্যনেল পাৱাৰলিফটিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰিছিল।