নিউজ ডেস্ক : মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা। শিৱসেনাৰ ৪০ জনকৈ বিধায়কৰ বিসম্বাদ। ইয়াৰ মাজতে বুধবাৰে বিদ্ৰোহী একনাথ সিন্ধেৰ লগত চুৰাতলৈ যোৱা শিৱসেনাৰ এজন বিধায়ক নীতিন দেশমুখে দাবী কৰিছে যে একাংশ লোকে তেওঁক তাত থকা এখন চিকিৎসালয়ত বলপূৰ্বকভাৱে ভৰ্তি কৰাইছিল আৰু তেওঁক কেতিয়াও হাৰ্ট এটেক হোৱা নাছিল যদিও তেওঁক বেজী দিয়া হৈছিল।

নাগপুৰ বিমানবন্দৰত সাংবাদিকক বিধায়ক গৰাকীয়ে কয় যে তেওঁ কেনেবাকৈ চুৰাতৰ পৰা নিৰাপদে মহাৰাষ্ট্ৰলৈ উভতি যাবলৈ সক্ষম হয় আৰু শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰে লগতে থাকৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ এদিন পূৰ্বে দেশমুখৰ পত্নীয়ে আকোলা আৰক্ষীত এজাহাৰ দাখিল কৰি স্বামী নিৰুদ্দেশ হোৱা বুলি উল্লেখ কৰিছিল।দেশমুখে বিদৰ্ভ অঞ্চলৰ আকোলা জিলাৰ বালাপুৰ বিধানসভা আসনখনক প্ৰতিনিধিত্ব কৰে।

লগতে পঢ়ক – ৩৫ খনৰ ভিতৰত ৩১ খন জিলাই জলমগ্ন, ৫৫ লাখতকৈও অধিক লোক প্ৰভাৱিত

তেওঁ আৰু কয় যে মঙলবাৰে মোক ২০-২৫ জন লোক আৰু আৰক্ষী জোৱানে চুৰাতৰ এখন চিকিৎসালয়লৈ লৈ যায়। তেওঁলোকে কয় যে মোৰ হাৰ্ট এটেক হৈছে যদিও মই কেতিয়াও কষ্ট পোৱা নাই বুলিও কয় তেওঁ। মোৰ ৰক্তচাপও ওপৰলৈ উঠিব পৰা নাছিল। তেওঁলোকৰ উদ্দেশ্য ভুল আছিল। মোক বলপূৰ্বকভাৱে কিছুমান বেজী দিয়া হৈছিল এই বুলিও তেওঁ দাবী কৰে। এদিন পূৰ্বে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে দাবী কৰিছিল যে সিন্ধেৰ লগত চুৰাতলৈ অহা একাংশ বিধায়কক বিপথে পৰিচালিত কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply