নিউজ ডেস্ক- কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমত ১৪৫০ কোটি টকাৰ চাৰিটা প্ৰকল্প উদ্বোধন কৰে। আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,  সাংসদ দিলীপ শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ  আৰু ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে উদ্বোধন কৰে।

তেওঁ নগাঁও বাইপাছ-তেলীয়াগাঁও, আৰু তেলিয়াগাঁও-ৰঙাগড়াৰ মাজৰ ৪-লেন খণ্ড উদ্বোধন কৰি মঙলদৈ বাইপাছ আৰু অসমৰ ডাবোকা-পাৰাখুৱাৰ মাজৰ ৪-লেন অংশৰ ভেটি স্থাপন কৰে। এই ৪টা প্ৰকল্পৰ মূল্য ১৪৫০ কোটি যিয়ে ৰাজ্যখনৰ আন্তঃগাঁথনিত উল্লেখযোগ্য বিনিয়োগৰ প্ৰতীক।

নগাঁও বাইপাছ-তেলীয়াগাঁও আৰু তেলিয়াগাঁও-ৰঙাগড়াৰ মাজত ১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪-লেন অংশৰ মূল্য ৪০৩ কোটি টকা। এই বহল ঘাইপথটোৱে উত্তৰ অসম আৰু উচ্চ অসমৰ মাজত সুলভতা বৃদ্ধি কৰিব আৰু  অৰ্থনৈতিক বিকাশত ইন্ধন যোগাব আৰু নতুন সুযোগ মুকলি কৰে।

আনহাতে, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলদৈত মুঠ ৫৩৫ কোটি ব্যয়ৰে ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছ নিৰ্মাণৰ ভেটিয়ে অসম, পশ্চিম বংগ, আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সংযোগ শক্তিশালী কৰি নিৰৱচ্ছিন্ন ভ্ৰমণ আৰু আঞ্চলিক সংহতিৰ পোষকতা কৰিব।

লগতে, ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাবোকা আৰু পাৰাখুৱাৰ মাজত মুঠ ৫১৭ কোটি ব্যয়ৰে ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছৰ ভেটিয়ে গুৱাহাটী-ডিমাপুৰ অৰ্থনৈতিক কৰিডৰৰ কাষেৰে সংযোগ শক্তিশালী কৰি ম্যানমাৰ আৰু থাইলেণ্ডৰ সৈতে সংযোগ গঢ়ি তুলিব। এই বাইপাছৰ জৰিয়তে অসম আৰু নাগালেণ্ডৰ মাজত আন্তঃআঞ্চলিক সংযোগ বৃদ্ধি পাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply