নিউজ ডেস্কে: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয় আৰু এই সন্দৰ্ভত আয়োজিত এক বৈঠকত বিশদ পৰ্যালোচনা কৰা হয়। এলানি টুইটযোগে তেওঁ কয় যে এই উদ্যোগটোৱে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ দ্বাৰা চিনাক্ত কৰা ঠাইসমূহত প্ৰায় ৩৪ কিলোমিটাৰ ওখ পথ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ জৰিয়তে জীৱ-জন্তুবোৰে তেওঁলোকৰ পৰম্পৰাগত পথ পাৰ হওতে কোনোধৰণৰ সমস্যা নহ’ব। এই প্ৰকল্পটোত প্ৰায় ৫০ কিলোমিটাৰ দীঘল দৈৰ্ঘ্যৰ ৪-লেনযুক্ত ঘাইপথ আৰু প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ অন্তৰ্ভুক্ত আছে।
শ্ৰী গাডকাৰীয়ে আজি কয় যে ব্যয় অনুকূলন প্ৰচেষ্টাৰ অংশ হিচাপে তেওঁ সুৰংগ নিৰ্মাণক এক পৃথক প্ৰকল্প হিচাপে গণ্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সেইবোৰৰ নিৰ্মাণৰ পৰা ওলোৱা অৱশেষ আৰু ধ্বংসাৱশেষবোৰ পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ’ব। ইয়াৰ উপৰিও তেওঁ কয়, মই পৰ্যটকসকলক বন্য সম্পদ চাবলৈ সুযোগ প্ৰদান কৰাৰ বাবে বাহন পাৰ্কিং আৰু কিয়স্কৰ সৈতে উন্নত ৰাস্তাত দৰ্শকৰ মঞ্চ অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছো।