নিউজ ডেস্ক- কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগালেণ্ডত কয় যে আমি বৰ্তমান পেকেজ-৩ৰ অংশ হিচাপে চাকাবামাৰ পৰা জুনহেবোটো লৈকে ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২ লেনযুক্ত ঘাইপথৰ উন্নয়নৰ কাম হাতত লৈছো। এই কাম উত্তৰ-পূব অঞ্চলৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সংযোগ স্থাপনৰ বাবে হাতত লোৱা হৈছে।

তেওঁ উল্লেখ কৰে যে, এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে উত্তৰ-পূব অঞ্চলৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সংযোগ শক্তিশালী কৰা, সকলো যাতায়তৰ বাবে দক্ষ, বহনক্ষম, আৰু অৰ্থনৈতিক পৰিবহণৰ বিকল্প প্ৰদান কৰা।

মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি উত্তৰ-পূব অঞ্চলত শীৰ্ষ পৰ্যায়ৰ ঘাইপথৰ আন্তঃগাঁথনি প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যাৰ ফলত ইয়াৰ অৰ্থনৈতিক অগ্ৰগতিৰ অনুঘটক হিচাপে কাম কৰিম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply