ট্ৰেইন ষ্টেশ্যনত প্ৰস্ৰাৱগাৰ আৰু ৱেইটিং ৰূম ব্যৱহাৰ কৰাৰ বাবদ নতুনকৈ মাচুল গ্ৰহণৰ কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি এই সন্দৰ্ভত প্ৰকাশিত বাতৰি সম্পূৰ্ণ ভূৱা বুলি স্পষ্ট কৰি দিছে ভাৰতীয় ৰে’লৱেই।
দেওবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই অসমীয়া সংবাদ মাধ্যম প্ৰাগ নিউজে প্ৰকাশ কৰা এক বাতৰিৰ ফটোসহ এটা টুইট শ্বেয়াৰ কৰি এই কথা স্পষ্ট কৰি দিয়ে।
বাতৰিটোত প্ৰাগ নিউজে ভাৰতীয় ৰে’লৱেৰ নতুন সিদ্ধান্ত মৰ্মে ট্ৰেইন ষ্টেশ্যনৰ প্ৰস্ৰাৱগাৰত প্ৰস্ৰাৱ কৰিলে ‘১০০ টকা আৰু ১২ শতাংশ জিএছটি’ আদায় দিব লাগিব বুলি কৈছিল। ইয়াৰ উপৰি ট্ৰেইন ষ্টেশ্যনৰ ৱেইটিং ৰূমত প্ৰতি ঘণ্টাত ৩০ টকাকৈ আদায় দিব লাগিব বুলি বাতৰিটোত কোৱা হৈছিল।
বাতৰিটোৰ মতে অহা অক্টোবৰ মাহৰ পৰা ভাৰতীয় ৰে’লৱেই এই নিয়ম কাৰ্যকৰী কৰিব।
ছাৰ্জেন্ট বিকাশ (@Bikash63) নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰাগ নিউজৰ উক্ত বাতৰিটোৰ ফটো স্বেয়াৰ কৰি দিয়া এক টুইটত এই সম্পৰ্কে ভাৰতীয় ৰে’লৱেৰ পৰা এক স্পষ্টিকৰণ বিচাৰিছিল। ইয়াৰ পিছতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই উক্ত টুইট স্বেয়াৰ কৰি এইটো ভূৱা বাতৰি বুলি স্পষ্ট কৰি দিয়ে।
লগতে পঢ়ক – ধেমাজিত ষাঠী উৰ্দ্ধৰ আইতাও বহিল প্ৰতিবাদত