নিউজ ডেস্ক- জোনমণি ৰাভাৰ চাঞ্চল্যকৰ মৃত্যুৰ ঘটনাৰ নতুন তথ্য পোহৰলৈ আহিছে। কলিয়াবৰ মহকুমা চিকিৎসালয়ত জোনমণিক ভৰ্তি কৰোৱা নাছিল বুলি তথ্য পোহৰলৈ আহিছে। কলিয়াবৰ মহকুমা চিকিৎসালয়ত নাই জোনমণিক ভৰ্তি কৰোৱাৰ কোনো তথ্য।

জানিব পৰা মতে, ১৬ মে’ৰ নিশা আৰক্ষী অধীক্ষক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পিছত কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু জোনমণিক ভৰ্তি কৰোৱাৰ কোনো তথ্য নাই চিকিৎসালয়খনত। ১৬ মে’ৰ দিনা এম এল ৰেজিষ্টাৰত নাই জোনমণিৰ ৰাভাৰ ভৰ্তি কৰোৱা কোনো তথ্য।

উল্লেখ্য যে, কলিয়াবৰ মহকুমা চিকিৎসালয়তে জোনমণি ৰাভাক মৃত ঘোষণা কৰা হৈছিল। আনকি জোনমণিৰ মৃতদেহটো আৰক্ষীয়ে চমজি লোৱাৰো তথ্য নাই আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নিয়াৰ কোনো তথ্যও নাই। লগতে আৰক্ষীয়ে ৰিকুইজিছনখনো দিয়া নাছিল বুলি অভিযোগ উত্থাপিত হৈছে।

তথ্য অনুসৰি ১৬ মে’ৰ পৰিৱৰ্তে চিকিৎসকৰ পৰা ৪ দিন পিছতহে লিখিত নিয়াৰ তথ্য লাভ কৰা হৈছে। এই সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষ বা চিকিৎসকে সংবাদ মাধ্যমসমূহৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply