নিউজ ডেস্ক- কালি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক প্ৰশাসনিক পৰ্যালোচনা বৈঠকত কয় যে তেওঁ ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) ৰূপায়ণৰ কেতিয়াও অনুমতি নিদিয়ে।
তেওঁ কয় “নাগৰিকত্বৰ বিষয়ে কোনেও চিন্তা কৰিব নালাগে। সেইটো পশ্চিম বংগত নহ’ব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসকলক ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ আৰু ভোটাৰ তালিকাত তেওঁলোকৰ নাম থকাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে।
আনহাতে তেওঁ কয়, “আপোনালোক সকলোৱে ভোট দিয়াটো নিশ্চিত কৰিব লাগিব, মই লোকসকলক তেওঁলোকৰ আধাৰ কাৰ্ড সময়মতে আৰু প্ৰতি ১০ বছৰত আপডেট কৰিবলৈও পৰামৰ্শ দিম।”