নিউজ ডেস্ক। চলিত বছৰৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা প্ৰাপকৰ নাম ঘােষণা। পদাৰ্থ বিজ্ঞানী এলাইন এস্পেক্ট (ফ্ৰান্স), জন ক্লজাৰ (আমেৰিকা) আৰু এণ্টন জেইলিংগাৰ (অষ্ট্ৰিয়া) লৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা প্ৰদান। পদাৰ্থ বিজ্ঞানত গৱেষণাৰ জৰিয়তে আগবঢ়ােৱা অৱদানৰ বাবে তেওঁলােকলৈ এই বঁটা প্ৰদানৰ ঘােষণা কৰা হৈছে। মঙলবাৰে ষ্টকহোমৰ কাৰোলিন্সকা ইনষ্টিটিউটত ৰয়েল চুইডিছ একাডেমী অৱ চাইন্সেছৰ চেক্ৰেটেৰী জেনেৰেল হান্স এলেগ্ৰেনে এই বঁটা ঘোষণা কৰে।

‘দ্য ৰয়েল ছুইডিছ একাডেমি অব্ চায়েন্সেজ’ৰ তৰফৰ পৰা এই বঁটাপ্ৰাপকৰ নাম ঘােষণা কৰা হয় লগতে উল্লেখ কৰা হৈছে যে ”আবদ্ধ ফটন সন্দৰ্ভত গৱেষণা, বেল অসমতাৰ উলংঘনৰ সূত্ৰ প্ৰতিষ্ঠা আৰু কােৱান্টম তথ্য বিজ্ঞানক আগুৱাই নিয়াৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।”

বঁটাসমূহৰ অফিচিয়েল ৱেবছাইটঅনুসৰি, তিনিওজনে “আৱদ্ধ ফ’টনৰ সৈতে পৰীক্ষা-নিৰীক্ষাৰ বাবে, বেল অসমতাৰ উলংঘন আৰু অগ্ৰণী কোৱাণ্টাম তথ্য বিজ্ঞান প্ৰতিষ্ঠা কৰিবলৈ” বিজয়ী হৈছিল।

৭৫ বছৰীয়া এলাইন এস্পেক্ট ফ্ৰান্সৰ পালাইচেউৰ ইউনিভাৰ্চিট পেৰিছ-চাক্লে আৰু একোল পলিটেকনিকৰ অধ্যাপক। ৭৯ বছৰীয়া জন এফ ক্লজাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেএফ ক্লজাৰ এণ্ড এছ’চিৰ এজন গৱেষণা পদাৰ্থবিজ্ঞানী, আনহাতে ৭৫ বছৰীয়া এণ্টন জেইলিংগাৰ অষ্ট্ৰিয়াৰ ভিয়েনা বিশ্ববিদ্যালয়ৰ অধ্যাপক।

YouTube video

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply