গুৱাহাটী : নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। এগৰাকী যুৱতীক আশালীন ব্যৱহাৰ কৰাৰ অভিযোগত নুনমাটি আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। মুকালমুৱাৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে।

মহানগৰীৰ ৰাজপথত এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ এজন যুৱক গ্ৰেপ্তাৰ। নুনমাটি আৰক্ষীয়ে নলবাৰী জিলাৰ মুকালমুৱাত অভিযান চলাই অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ নাম মেহবুব আহমেদ।

লগতে পঢ়ক –  মৰিয়নীত ডকাইতৰ ৰূপত অৰুণাচলী সুৰা ব্যৱসায়ী

মেহবুব আহমেদে মহানগৰীৰ পাথৰকুৱাৰী অঞ্চলত এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ লগতে যুৱতী গৰাকীৰ কাপোৰ ফালি দিয়াৰ চেষ্টা চলাইছিল। ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতী গৰাকীয়ে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply