গুৱাহাটী : উত্তৰ-পূব ভাৰতৰ খাদ্য আৰু আতিথ্য উদ্যোগৰ বাবে যুগান্তকাৰী বাণিজ্য প্ৰদৰ্শনী নৰ্থ-ইষ্ট ফুডটেক ২০২২ৰ তৃতীয় সংস্কৰণ উত্তৰ-পূবৰ ব্যৱসায়িক ৰাজধানী গুৱাহাটীলৈ পুনৰ উভতি আহিছে অহা ১৩ ৰ পৰা ১৫ মে’লৈ। কলকাতা ফুডটেকে আছাম ৰেষ্টুৰেণ্ট এছ’চিয়েচন আৰু হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যন অব আছামৰ সহযোগত ১৩-১৫ মে’ত মণিৰাম দেৱান ট্ৰেড চেন্টাৰত (শীত-তাপ নিয়ন্ত্ৰিত হল) তৃতীয় নৰ্থ-ইষ্ট ফুডটেকৰ আয়োজন কৰিছে।বাণিজ্য প্ৰদৰ্শনীৰ কথা ঘোষণা কৰি আয়োজকসকলে ১০ মে’ত প্ৰকাশ কৰে যে ইয়াত সমগ্ৰ ভাৰতৰ প্ৰায় ৯০ টা প্ৰতিষ্ঠিত কোম্পানী প্ৰদৰ্শন কৰিব যিয়ে এই তিনিদিনীয়া প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব।

“সমগ্ৰ ভাৰতৰ পৰা অহা প্ৰায় ৯০ টা প্ৰতিষ্ঠিত কোম্পানীয়ে তেওঁলোকৰ সামগ্ৰী/সেৱা তিনি দিনৰ বাবে বৰ্ণিল মঞ্চত প্ৰদৰ্শন কৰিব। এই প্ৰদৰ্শনত অসমক খাদ্য প্ৰক্ৰিয়াকৰণ আৰু আতিথ্য খণ্ডত বিনিয়োগৰ বাবে এক সঠিক গন্তব্য স্থান হিচাপে উপস্থাপন কৰাত গুৰুত্ব দিয়া হ’ব। যিহেতু আমি সকলোৱে অনুধাৱন কৰোঁ যে ক’ভিড ১৯ য়ে আমাক খাদ্য সুৰক্ষা আৰু পৰিচ্ছন্নতা কিমান গুৰুত্বপূৰ্ণ সেয়া শিকাইছে। খাদ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত খাদ্য পেকেজিঙে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খাদ্য প্ৰস্তুতি আৰু পেকেজিঙৰ ক্ষেত্ৰলৈ কেইবাটাও অভিনৱ ধাৰণা আগবঢ়াই দিব তৃতীয় নৰ্থ-ইষ্ট ফুডটেকে,” নৰ্থ-ইষ্ট ফুডটেকৰ মুখ্য আহ্বায়ক জাকিৰ হুছেইনে কয়।

এই বিশাল মঞ্চত বহু প্ৰকাৰৰ সংসাধিত খাদ্য আৰু পানীয়, খাদ্য পেকেজিং প্ৰযুক্তি, বেকাৰী আৰু মিঠাইৰ সঁজুলি, আতিথ্য উদ্যোগৰ সামগ্ৰী, খাদ্য প্ৰদৰ্শন প্ৰণালী, মিঠাই আৰু জলপান প্ৰস্তুতকৰণৰ প্ৰযুক্তি, ফুড এডিটিভ আৰু উপাদান, ভেষজ সুগন্ধী আৰু আলংকাৰিক সামগ্ৰী, খাদ্য আৰু আতিথ্য উদ্যোগৰ সৈতে জড়িত প্ৰযুক্তিগত সমিধান আদি প্ৰদৰ্শন কৰা হ’ব। সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সমান্তৰালভাৱে সীমান্তৱৰ্তী দেশসমূহৰ পৰাও কেইবাহাজাৰ বাণিজ্যিক দৰ্শনাৰ্থীয়ে তিনিদিনীয়া বাণিজ্যিক অনুষ্ঠানটো পৰিদৰ্শন কৰিবলৈ আহিব বুলি আশা কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলত বেকাৰী আৰু কনফেকছনাৰী উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা আছে। সুস্বাদু সামগ্ৰী আৰু অতি প্ৰতিযোগিতামূলক মূল্যত এক নতুন প্ৰজন্মৰ ঘৰুৱা বেকাৰীৰো উত্থান হৈছে। এই প্ৰদৰ্শনীয়ে তেওঁলোকক প্ৰতিটো স্তৰৰ সমাধান প্ৰদান কৰিব আৰু তেওঁলোকক আদৰ্শ উদ্যোগী হ’বলৈ অনুপ্ৰাণিত কৰিব। 

লগতে পঢ়ক –  বৰ্ষপূৰ্তিৰ দিনাই ভুলতে ‘ভুল’ হৈ গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰ্তমানৰ আধুনিক দিনত নতুন প্ৰজন্মৰ গ্ৰাহকক আকৰ্ষিত কৰাৰ বাবে খাদ্য সজ্জা আৰু স্মাৰ্ট পেকেজিং হৈছে মুখ্য চাবিকাঠি। খাদ্য প্ৰস্তুত কৰা কোম্পানীবোৰে এই নতুন শ্ৰেণীৰ উপভোক্তাৰ ওচৰলৈ যোৱাৰ বাবে অভিনৱ ধাৰণাবোৰৰ সন্ধানত থাকে। এই প্ৰদৰ্শনীত এনে সকলোবোৰ প্ৰশ্নৰ উত্তৰ আছে। হস্পিতালিটী ব্যৱসায়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক হস্পিতালিটী মেনেজমেণ্ট আৰু খাদ্য প্ৰযুক্তিৰ শিক্ষাৰ্থীও লাভান্বিত হ’ব। খাদ্য উদ্যোগৰ পৰামৰ্শদাতা প্ৰতিষ্ঠানসমূহে তেওঁলোকক এই প্ৰদৰ্শনীত পৰামৰ্শ প্ৰদান কৰিব, কেনেদৰে নতুন খাদ্য ব্যৱসায় আৰম্ভ কৰিব লাগে। কাৰিকৰী সহায়ৰ পৰা আৰম্ভ কৰি বেংকিং প্ৰতিষ্ঠানৰ পৰা ঋণ লাভ কৰালৈকে সকলো পৰামৰ্শ লাভ কৰিব এই প্ৰদৰ্শনীৰ মাধ্যমেৰে।এই ধ্বজাবাহী প্ৰদৰ্শনীৰ আয়োজকসকলে বিশ্বাস কৰে যে তৃতীয় নৰ্থ ইষ্ট ফুডটেক হৈছে বেকাৰ, কনফেকচনাৰ, হোটেল উদ্যোগী, ৰেষ্টুৰেণ্টৰ ব্যৱসায়ী, খাদ্য প্ৰক্ৰিয়াকৰণ, মিঠাইৰ ব্যৱসায়ী, বেংকুৱেট আৰু অন্যান্য খাদ্য ব্যৱসায়ৰ বাবে এক আদৰ্শ মঞ্চ। য’ত তেওঁলোকে খাদ্য আৰু আতিথ্য খণ্ডত নতুন উদ্ভাৱনী ধাৰণাৰ বিষয়ে তেওঁলোকৰ সজাগতা বৃদ্ধি কৰিব পাৰিব। যদি আপুনিও আপোনাৰ খাদ্য ব্যৱসায়ৰ বাবে বৈপ্লৱিক ধাৰণাৰ সন্ধানত আছে তেন্তে এই বাণিজ্য মেলালৈ আহিবলৈ নাপাহৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply