আমিনগাঁও : অবিৰত বৰষুণৰ সম্ভবনাৰ পৰিপ্ৰেক্ষিতত ১৭ আৰু ১৮ জুনত উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা। কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষই উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কৰিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১৭ জুন আৰু ১৮ জুনত কামৰূপ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি কৰা বতৰৰ আগলি বতৰাৰ পৰিপেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ জুন আৰু ১৮ জুনত বন্ধৰ ঘোষণা কৰিছে। অৱশ্যে উক্ত দুয়োটা দিনতে পূৰ্ব নিৰ্দ্ধাৰিত সূচীমতে পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰিছে।
লগতে পঢ়ক – গুৱাহাটীৰ ভাল মানুহ
উল্লেখ্য যে বিগত তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। গুৱাহাটী মহানগৰী কৃত্ৰিম বানপানীত ককবকাই থকাৰ লগতে ৰাজ্যৰ কেইবাখনো জিলা জলমগ্ন হৈ পৰিছে। বানপানীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰ দিনটোত গোৱালপাৰাত দুটি শিশুৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে।