নিউজ ডেস্ক- উত্তৰ কোৰিয়াৰ শীৰ্ষ নেতা কিম জং-উনৰ বর্তমান ওজন হৈছে ১৪০ কিলোগ্রাম। দক্ষিণ কোৰিয়াৰ সেনাই এই তথ্য প্ৰকাশ কৰিছে। তেওঁৰ স্বাস্থ্যক লৈ দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ আলোচনা শুনিবলৈ পোৱা গৈছে।
দক্ষিণ কোৰিয়াই দাবী কৰাৰ বাবে কৃত্ৰিম মেধা অর্থাৎ এআয়ে উক্ত তথ্য বিচাৰ কৰি উলিয়াইছে। তেখতে নিয়মীয়াকৈ ধূমপান, সুৰাপান, অত্যধিক হাৰত বাঢ়ি থকা মেদ আদিক লৈ সঘনে চর্চা চলি আহিছে।
জানিব পৰা মতে, বিভিন্ন সময়ত অসুস্থ হৈ থকাৰ বাবে তেখেতক ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থকা দেখিবলৈ পোৱা গৈছে। তথ্য অনুসৰি তেওঁৰ দুই চকুৰ চাৰিওফালে ক’লা দাগ পৰিছে।
উল্লেখ্য যে, বিগত ১৬ মে’ত শেষবাৰৰ বাবে ৩৯ বছৰীয়া শীর্ষনেতাগৰাকীক ৰাজহুৱা স্থানত দেখিবলৈ পোৱা গৈছিল।