নিউজ ডেস্ক: ত্ৰিপুৰাত এটি ১৩ বছৰীয়া কিশোৰে নিজ মাতৃ আৰু ভগ্নীকে ধৰি চাৰিজন লোকক হত্যা কৰাৰ এক নৃশংস সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা মতে কিশোৰজনে হত্যাকাণ্ডৰ পিছতে মৃতদেহ কেইটা এটা গাঁতত পুতি থৈছিল।

ঘটনা সন্দৰ্ভত আজি এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, পূব ত্ৰিপুৰাৰ ধলাই জিলাৰ এখন ভিতৰোৱা গাঁৱত শনিবাৰে উক্ত হত্যাকাণ্ড সংঘটিত হয়।

অভিযুক্ত কিশোৰজনক আটক কৰি জেৰাই চলাই থকা হৈছে বুলি বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

তেওঁ কয়, ‘‘প্ৰাথমিক তদন্তৰ পৰা কমলপুৰ মহকুমাৰ অভিযুক্ত কিশোৰজনক ড্ৰাগছ আসক্ত বুলি জানিব পৰা হৈছে। শনিবাৰে পুৱা দেউতাকে কামলৈ ওলাই যোৱাৰ পিছতে সি নিজৰ মাক, ককাক, ১০ বছৰীয়া ভনীয়েক আৰু এগৰাকী প্ৰতিৱেশী মহিলাক হত্যা কৰে। হত্যাৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।’’      

পিছত ল’ৰাজনৰ দেউতাক ঘৰলৈ আহি চাৰিওফালে তেজৰ ছিটিকনি পৰি থকা দেখে আৰু ঘৰৰ কাষৰ কুঁৱাৰ ভিতৰত মৃতদেহ কেইটা উদ্ধাৰ কৰে। স্থানীয় লোকে দিয়া ভাষ্য অনুসৰি হত্যাকাণ্ডৰ সময়ত কিশোৰজনে ঘৰত ডাঙৰ শব্দ কৰি গান বজাই ৰাখিছিল। 

পিছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সন্দিয়া মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি বিষয়াজনে জনায়।

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি উল্লেখ কৰি বিষয়াজনে কয় যে মৃতদেহ কেইটাত থকা আঘাতৰ চিন চাই কিশোৰজনে হত্যাকাণ্ডৰ সময়ত কুঠাৰ জাতীয় বস্তুৰে প্ৰহাৰ কৰিছিল।

লগতে পঢ়ক – এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ নিশ্চিত লাভলিনাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply