নিউজ ডেস্ক: ভাৰত আৰু চীনৰ সীমান্তৰ সমীপত ঔষধি উদ্ভিদৰ সন্ধানত যোৱা অৰুণাচল প্ৰদেশৰ দুজন যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

সন্ধানহীন যুৱক দুজনক ৰাজ্যখনৰ  গইলাং চহৰৰ ৩৩ বছৰীয়া বাটেলুম টিক্ৰো আৰু ৩৫ বছৰীয়া বায়িংচো মানু বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে যোৱা ১৯ আগষ্টত গাঁৱৰ পৰা ওলাই যোৱা যুৱক দুজনক যোৱা ২৪ আগষ্টত শেষবাৰৰ বাবে দেখা গৈছিল।

আনজাও জিলা আৰক্ষী অধীক্ষক ৰিকে কামচিয়ে সংবাদ মাধ্যমক জনোৱা মতে যুৱক দুজনৰ পৰিয়ালৰ লোকে ৯ অক্টোবৰত আৰক্ষীৰ ওচৰত তেওঁলোক নিৰুদ্দেশ হৈ থকাৰ অভিযোগ দাখিল কৰিছিল।

তেওঁ কয়, “আমি সেনাৰ সৈতে যোগাযোগ কৰিছো আৰু আমাৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে।”

পৰিয়ালৰ লোকে যুৱক দুজনে অজানিতে LAC অতিক্ৰম কৰি চীনত প্ৰৱেশ কৰাত দেশখনৰ সেনাই তেওঁলোকক আটক কৰি থৈছে বুলি সন্দেহ কৰিছে। 

“আমি আৰক্ষীৰ সহায় বিচাৰিছো আমাৰ সন্দেহ হৈছো হয়তো তেওঁলোকে অজানিতে চীনলৈ পাৰ হৈ গৈছে,” সন্ধানহীন এজন যুৱকৰ পৰিয়ালৰ এজন সদস্যৰ উদ্ধৃতি দি The Hindu-ত কোৱা হয়।

অঞ্চলটোৰ লোকসকলে বনৌষধি উদ্ভিদৰ সন্ধানত সচৰাচৰ অৰণ্যত ঘূৰি-ফুৰে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক অৱগত কৰা হ’ব বুলি জনায়। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশৰ ১৭ বছৰীয়া এজন যুৱকক চীনৰ সেনা বাহিনী PLA-য়ে আটক কৰি পিছত ভাৰতীয় সেনাক গতাই দিছিল।

লগতে পঢ়ক – গুৱাহাটীত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উপ সঞ্চালকৰ আত্মহত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply