নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ পৰা অপহৰণ হোৱা চাৰিগৰাকী যুৱতী অসমত উদ্ধাৰ কৰা হৈছে। অৰুণাচল আৰক্ষী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত দেওবাৰে গুৱাহাটীৰ এটা ল’জৰ পৰা যুৱতীকেইগৰাকীক উদ্ধাৰ কৰিছে। আৰক্ষীয়ে এগৰাকী মহিলাকো আটক কৰিছে।

অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ৮ ছেপ্টেম্বৰত, চাংলাং জিলাৰ মানাভুম অঞ্চলৰ পৰা চাৰিগৰাকী যুৱতী সন্ধানহীন হোৱাৰ অভিযোগ পাইছিল। ইয়াৰ পিছতে অৰুণাচল আৰক্ষীয়ে যুৱতীকেইগৰাকীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছিল।

চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে অসম আৰক্ষীৰ ডিআইজিপি প্ৰশান্ত চাংমাই আৰু ডিচিপি, দিছপুৰ সুধাকৰ সিঙৰ সৈতে সহযোগ কৰি যুৱতীকেইগৰাকীৰ সন্ধান চলায়।

আৰক্ষীয়ে কয় যে, যুৱতীকেইগৰাকীক উদ্ধাৰ কৰাৰ পিছত আইনগত আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত চাংলাঙৰ শিশু কল্যাণ সমিতিৰ জৰিয়তে তেওঁলোকক অভিভাৱকসকলক চমজাই দিয়া হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply