নিউজ ডেস্কঃ উত্তৰ-পূবৰ বাবে এক গৌৰৱৰ বিষয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৭জন শিক্ষকক প্ৰদান কৰা হ’ব সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২। ইয়াৰ ভিতৰত ছিকিমৰ ২ জন শিক্ষককো এই সন্মানীয় বঁটাৰ বাবে তালিকাভুক্ত কৰা হৈছে।
পশ্চিম ছিকিমৰ গংয়াপৰ সমাজ কল্যাণ বিভাগৰ অধীনৰ Eklavya Model Residential Schoolৰ অধ্যক্ষ Sidharth Yonzon আৰু গেংটকৰ Modern Senior Secondary School অধ্যক্ষ Mala Jigdal Dorjeeক এই বছৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শিক্ষক দিৱস উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৫ ছেপ্টেম্বৰত শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব।
শিক্ষা মন্ত্ৰণালয়ে প্ৰতি বছৰে শিক্ষক দিৱসত ৰাষ্ট্ৰীয় বঁটাৰে শিক্ষক সকলক সন্মানিত কৰি আহিছে। কঠোৰ, স্বচ্ছ আৰু অনলাইনযোগে তিনিটা পৰ্যায়ত বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলক নিৰ্বাচন কৰা হয়।
ছিকিমৰ দুজন শিক্ষকৰ উপৰিও মেঘালয়ৰ Gamchi Timre R Marak, ত্ৰিপুৰাৰ Santosh Nath, অসমৰ Meenakshi Goswami , মণিপুৰৰ Nongmaithem Gautam Singh আৰু নাগালেণ্ডৰ Mimi Yhoshii সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২ ৰ বাবে মনোনীত কৰা হৈছে।