নিউজ ডেস্কঃ অৰুণাচলপ্ৰদেশৰ তিনিখন জিলাৰ লগতে নগালেণ্ডৰ ৯খন জিলাত AFSPA অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে। 

কেন্দ্ৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণৰ পাছতে চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা কেইখনত এই আইন বৃদ্ধি কৰা হয়।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি AFSPA বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা অৰুণাচল প্ৰদেশৰ তিনিখন জিলা ক্ৰমে- টিৰাপ, চাংলাং আৰু লংডিং। উল্লেখ্য যে, ২০২৩ চনৰ ৩০ মাৰ্চলৈকে এই আইন বলবৎ থাকিব।

ইতিমধ্যে অসমত AFSPA প্ৰত্যাহাৰ কৰা হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যতে এই আইন বলবৎ হৈ আছে। 

ইফালে, সশস্ত্ৰ বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰা এই আইন বাতিলৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে প্ৰতিবাদকাৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply