নিউজ ডেস্কঃ অৰুণাচলপ্ৰদেশৰ উজনি চিয়াং জিলাত শুকুৰবাৰে সেনা বাহিনীৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়। এই হেলিকপ্টাৰ দুৰ্ঘটনাত পাঁচ গৰাকী সেনা জোৱানে প্ৰাণ হেৰুৱাইছে।
ইফালে, আজি দুৰ্ঘটনাস্থলী ৫জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সেনা বাহিনীৰ তৰফৰ পৰা কোৱা হৈছে যে- প্ৰথমে এটিচি কক্ষলৈ যান্ত্ৰিক বিজুতীৰ বিষয়ে অৱগত কৰা হৈছিল।
লগতে কোৱা হৈছিল যে- বতৰ ফৰকাল আৰু পায়লটো প্ৰশিক্ষিত আছিল। লগতে সেনা বাহিনীয়ে কয় যে- পায়লটে ALH-WSI উৰুওৱাৰ ৬০০ ঘন্টাৰো অধিক সময়ৰ অভিজ্ঞতা আছিল।