নিউজ ডেস্ক: আজি অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ মিগিং গাঁৱৰ ওচৰত এখন সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। গুৱাহাটীস্থিত প্ৰতিৰক্ষা PRO-য়ে জনোৱা মতে পথৰ কোনো সংযোগ নথকা দুৰ্ঘটনাস্থলীলৈ ইতিমধ্যে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা প্ৰায় ১০.৪৩ বজাত উক্ত দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে দুৰ্ঘটনাৰ স্থান আপাৰ চিয়াং জিলাৰ টুটিঙত থকা সেনা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৰা ২৫ কিলোমিটাৰ দূৰত অৱস্থিত।

উল্লেখযোগ্য যে এই মাহৰ আৰম্ভণিতে অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাক চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। যোৱা ৫ অক্টোবৰত ৰাজ্যখনৰ টাৱাং জিলাত সংঘটিত উক্ত দুৰ্ঘটনাত হেলিকপ্টাৰখনত থকা দুজন পাইলটৰ এজন নিহত হৈছিল বুলি এজন প্ৰতিৰক্ষা মুখপাত্ৰই জনায়।

লগতে পঢ়ক – ফাইজুলৰ মৃত্যুৰ তদন্ত কৰিবলৈ মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply